NORTHEAST NOW (Assamese)
অসম

ব্যতিক্ৰম! বৃক্ষৰ তলত ছাত্ৰ-ছাত্ৰী,পাঠকৰ বাবে বিশ্বনাথ মহাবিদ্যালয়ৰ মুকলি পুথিভঁৰাল

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ March 25, 2022 2:53 pm
Library under treein Biswanath College.Final

উত্তৰ অসমৰ ঐতিহ্যমণ্ডিত বিশ্বনাথস্থিত আগশাৰীৰ এখন প্ৰতিষ্ঠিত মহাবিদ্যালয় হৈছে বিশ্বনাথ মহাবিদ্যালয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ অহা মহাবিদ্যালয়খনে এক সুকীয়া পৰিচয় গঢ়ি তুলিছে।

প্ৰাকৃতিক সৌন্দৰ্যৰ এক অনাবিল পৰিৱেশৰ মাজত মহাবিদ্যালয়খনৰ চৌহদত এজোপা গছৰ তলত গঢ়ি তোলা হৈছে বোধিদ্ৰুম মুকলি পুথিভঁৰাল নামৰ এটি ‘ষ্ট্ৰীট লাইব্ৰেৰী’ ৷

লগতে পঢ়ক: দ্য কাশ্মীৰ ফাইলছ্

গছৰ তলত শিক্ষা তথা পঠন তথা পাঠকসকলক এক সুকীয়া আমেজ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহাৱাম্বিত কৰি তুলিবৰ বাবে এনে ধৰণৰ অভিনৱ এক প্ৰচেষ্টা হাতত লোৱা হৈছে ৷

বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষকে প্ৰমূখ্য কৰি শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বিশেষভাৱে অসমীয়া বিভাগৰ অতিথি অধ্যাপক মানস জ্যোতি দাসৰ ইতিবাচক প্ৰচেষ্টাৰ ফলতে এনে এক ব্যতিক্ৰমী অনুষ্ঠানে মহাবিদ্যালয়খনত  সুষ্ঠ বাতাবৰণ গঢ়িবলৈ সক্ষম হৈছে ৷

উল্লেখ যোগ্য যে বিশ্বনাথ মহাবিদ্যালয়ে জিলাখনৰ লেখক-লেখিকাসকলক যুৱ প্ৰজন্মৰ সৈতে  চিনাকি কৰি দিয়াৰ মানসেৰে মুকলি পুথিভঁৰালৰ এটা বিশেষ অংশ  সমগ্ৰ বিশ্বনাথ জিলাৰ লেখক-লেখিকাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থাও কৰিছে ৷

লগতে পঢ়ক: পঞ্জাৱত ৰাজ্যসভাৰ পাঁচোখন আসনতে বিনাযুদ্ধে বিজয়ী আম আদমী পাৰ্টীৰ প্ৰাৰ্থী

মহাবিদ্যালয়খনৰ এনেধৰণৰ পদক্ষেপে ছাত্ৰ-ছাত্ৰী সকলৰ লগতে সমগ্ৰ বিশ্বনাথবাসী ৰাইজ তথা অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷