NORTHEAST NOW (Assamese)
অসম

যুদ্ধৰ খবৰ: ইউক্ৰেইনৰ থিয়েটাৰ গৃহত ৰাছিয়ান সেনাৰ আক্ৰমণ; ৩০০লোক নিহতৰ আশংকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 25, 2022 4:03 pm

বিগত সপ্তাহত ইউক্ৰেইনৰ মাৰিঅ’পলৰ এটা থিয়েটাৰ গৃহত ৰাছিয়াৰ সেনা বাহিনীয়ে আক্ৰমণ চলাইছিল। সেই ঘটনাত হতাহতৰ কোনো তথ্য অৱগত কৰা হোৱা নাছিল। কিন্তু শুকুৰবাৰে ইউক্ৰেইনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে এই আক্ৰমণৰ ঘটনাত ৩০০লোক নিহত হোৱাৰ আশংকা কৰা হৈছে।

আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি আক্ৰমণটোৰ সময়ত থিয়েটাৰ গৃহটোত কেইবা হাজাৰো লোকে আশ্ৰয় লৈ আছিল।

ইউক্ৰেইনৰ ফালৰ পৰা তেতিয়াও থিয়েটাৰ গৃহটোত ৰাছিয়াৰ সেনা বাহিনীয়ে আক্ৰমণ চলোৱাৰ অভিযোগ কৰিছিল যদিও ৰাছিয়াই এই আক্ৰমণৰ ঘটনা অস্বীকাৰ কৰিছিল।

লগতে পঢ়ক: ব্যতিক্ৰম! বৃক্ষৰ তলত ছাত্ৰ-ছাত্ৰী,পাঠকৰ বাবে বিশ্বনাথ মহাবিদ্যালয়ৰ মুকলি পুথিভঁৰাল

মাৰিঅ’পল চিটি হল কৰ্তৃপক্ষই এটি টেলিগ্ৰাম প’ষ্ট জানিবলৈ দিয়ে যে, ‘’প্ৰত্যক্ষদৰ্শীসকলে জানিবলৈ দিছে যে ৰাছিয়াৰ বিমান আক্ৰমণত মাৰিঅ’পলৰ থিয়েটাৰ গৃহত প্ৰায় তিনিশ লোকৰ মৃত্যু হৈছে।‘’