NORTHEAST NOW (Assamese)

মহানগৰীৰ খাৰঘূলিত জাইকাৰ পানীৰ পাইপ বিস্ফোৰণ ঘটি আহত বহুকেইজন লোক

May 25, 2023 5:02 pm · এন ই নাও নিউজ, গুৱাহাটী

মহানগৰীৰ খাৰঘূলিৰ জয়পুৰত সংঘটিত হৈছে এক ভয়াবহ ঘটনা। জাইকাৰ পানীৰ পাইপ বিস্ফোৰণ হোৱাৰ ফলত প্ৰচণ্ডভাৱে পাইপৰ পানী উঠি আহে। এই ঘটনাৰ পিছতে সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতিৰ।

পানীৰ প্ৰচণ্ড উৰ্ধমুখী সোঁতে এফালৰ পৰা বিধ্বস্ত কৰি নিয়ে বহুকেইটা ঘৰ। জানিব পৰা মতে প্ৰায় ৪০ টাকৈ ঘৰ ক্ষতিগ্ৰস্ত হৈছে।

বাতৰি অনুসৰি, বহুকেইজন লোক আহত হৈছে। দুজনমানৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।এই ঘটনাৰ পাছতে অঞ্চলটোত বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। 

ইপিনে, ৰাজপথেৰে গৈ থকা কেইবাখনো বাহনো ক্ষতিগ্ৰস্ত হৈছে। বিস্ফোৰিত পাইপৰ পানী উপৰলৈ উঠি প্ৰচণ্ড গতিত অহাৰ ফলত বাহন দূৰৈত চিটিকি পৰা দেখা গৈছে।

এই বিস্ফোৰণটো গেমন জাইকাৰ মেইন লাইৰ পাইপত সংঘটিত হৈছে। স্থানীয় লোকে আহতসকলক উদ্ধাৰৰ চেষ্টা কৰিছে।

Related News