NORTHEAST NOW (Assamese)

মাজুলীত ভকত ছাত্রৰ চুলি কটা প্রধান শিক্ষকক বদলিৰ বিপৰীতে দুই সহ শিক্ষকক নিলম্বন

April 30, 2019 6:28 pm · মিটু খাটনিয়াৰ

মাজুলীৰ আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা ২৭ এপ্ৰিলত অনুশাসন ৰক্ষাৰ নামত সত্ৰীয়া পৰম্পৰাক কুঠাৰাঘাত কৰি বহু কেইগৰাকী ভকত ছাত্ৰৰ চুলি খলপা খলপকৈ কাটি দিয়া ঘটনাৰ প্ৰতিক্ৰিয়া এইপৰ্য জিলাখনত মাৰ যোৱা নাই।

যোৱা ৩দিন ধৰি মাজুলী মহকুমা ছাত্ৰ সন্থাই উক্ত ঘটনাৰ লগত জড়িত প্ৰধান শিক্ষকক উচিত শাস্তিৰ দাবীত জনাই অহা প্ৰতিবাদত সেও মানি প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াক বদলি কৰাৰ লগতে উক্ত কাৰ্যত সহযোগ কৰা বিদ্যালয়খনৰ দুই সহকাৰী শিক্ষক কমল দত্ত আৰু ৰূপেশ্বৰ বৰাক নিলম্বন কৰা হৈছে।

আনহাতে সহকাৰী শিক্ষক দুগৰাকীক নিলম্বন কৰাৰ বিপৰীতে প্ৰধান শিক্ষক গৰাকীৰ পূৰ্বৰ পদমর্যাদা বাহাল ৰাখি আহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়লৈ প্ৰধান শিক্ষক হিচাপে বদলি কৰা কাৰ্যই মাজুলীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ এক নিৰ্দেশ যোগে গ্ৰহণ কৰা এই সিদ্ধান্তক এতিয়া বিভিন্ন মহলে বৈষম্যমূলক বুলি অভিযোগ কৰিছে।

সদৌ অসম ছাত্ৰ সন্থাই দোষী প্ৰধান শিক্ষক গৰাকীক গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত আজিও মাজুলীৰ কমলাবাৰীত এক মানৱ শৃংখল উলিয়ায়।

Related News