NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ কৃষকৰ ব্যৱসায়ীক সফলতা! মধ্য এছিয়া-ইউৰোপলৈ ২৬৭ মেট্ৰিক টন ৰঙা বাও ধানৰ ৰপ্তানি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2025 3:30 pm

কৃষিক্ষেত্ৰত ব্যৱসায়ত বিশেষ সাফল্য অৰ্জন মাজুলীৰ কৃষকৰ। পৰম্পৰাগত জৈৱিক পদ্ধতিৰে কৰা ৰঙা বাও ধান প্ৰথমবাৰৰ বাবে বিদেশলৈ মধ্য এছিয়া আৰু ইউৰোপৰ দেশসমূহলৈ ৰপ্তানি কৰিবলৈ সক্ষম হয়। বৰ্তমান ২৬৭ মেট্ৰিক টন ধানৰ ৰপ্তানি কৰিছে পকাজৰা তিনিআলিৰ এটা স্থানীয় কৃষক গোটে।

কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ সম্পূৰ্ণৰূপে পৰম্পৰাগত ভাবে উৎপাদন কৰা হৈছে এই ৰঙা বাওধান।   এই ধান, স্বাস্থ্যৰ ক্ষেত্ৰততো গুণসম্পন্ন বুলি বিবেচিত হৈছে। হাৰিয়ানাত আইভিচি এগ্ৰ’ভেট প্ৰাইভেট লিমিটেডত প্ৰক্ৰিয়াকৰণ কৰাৰ পাছত, বৈদেশৰ বজাৰলৈ পঠিওৱা হ’ব ৰঙা বাওধান।

ইয়াৰ উপলক্ষত আয়োজিত এক অনুষ্ঠানত মাজুলীৰ উপায়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে এই সফলতাক গৌৰ বিষয় বুলি অভিহিত কৰি কয় এই সফলতা কেৱল মাজুলীৰ নহয়, সমগ্ৰ অসমৰ কৃষক সমাজৰ বাবে এটা অনুপ্ৰেৰণা। আজি ৰঙা বাও ধান ৰপ্তানিৰ জৰিয়তে মাজুলী বিশ্ব মানচিত্ৰত নতুনকৈ অৱস্থান গ্ৰহণ কৰিছে।”

অনুষ্ঠানত উপস্থিত আইভিচি এগ্ৰ’ভেটৰ জেনেৰেল মেনেজাৰ গৌতম ফুকনে কয়, “এই কোম্পানীয়ে মাজুলীৰ ৫০০ৰো অধিক কৃষকৰ সৈতে লগ লাগি যি কঠোৰ পৰিশ্ৰম কৰিছে, এই পৰিশ্ৰমৰ ফল এই সাফল্য। প্ৰতিটো চালান আন্তঃৰাষ্ট্ৰীয় মানদণ্ড পূৰণ কৰা নিশ্চিত কৰা হৈছে।” তেওঁ ৰঙা বাও ধানৰ পুষ্টিগুণ, অনন্য ৰঙ আৰু স্বাদৰ লগতে ইয়াৰ  কৃষি প্ৰণালীৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে যে, কিছু স্থানীয় সমস্যাৰ সন্মুখীন হ’লেও উপায়ুক্ত আৰু কৃষি বিভাগৰ সহযোগিতাত সম্পূৰ্ণ প্ৰক্ৰিয়াটো সজভাৱে সম্পন্ন হৈ যায়।

বিশ্বব্যাপী স্বাস্থ্যসচেতনতা আৰু জৈৱিক পদ্ধতিৰে কৰা খাদ্যৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে, মাজুলীৰ ৰঙা বাও চাউলে সম্ভাৱনাৰ এক নতুন দিশৰ সূচনা কৰিছে। এই ৰপ্তানিয়ে কেৱল অঞ্চলটোৰ অৰ্থনীতি শক্তিশালী কৰাৰ লগতে মাজুলীক আন্তঃৰাষ্ট্ৰীয় জৈৱিক খাদ্য বজাৰত স্থায়ীভাৱে প্ৰতিস্থা কৰাৰ দুৱাৰো মুকলি কৰিছে। ভৱিষ্যত লক্ষ্য হিচাপে বিষয়াসকলে মাজুলীৰ অন্যান্য জৈৱিক পদ্ধতিৰে কৰা শস্য বিদেশলৈ প্ৰেৰণৰ কৰাৰ পৰিকল্পনা কৰাৰ কথাও ব্যক্ত কৰিছে।