NORTHEAST NOW (Assamese)
Popular Stories

শিক্ষকসকলৰ কাৰ্যালয়ত উপস্থিতিৰ সময়ক লৈ নিৰ্দেশনা জাৰি অসম চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2025 2:55 pm
শিক্ষকসকলৰ কাৰ্যালয়ত উপস্থিতিৰ সময়ক লৈ নিৰ্দেশনা জাৰি অসম চৰকাৰৰ

ৰাজ্যৰ শিক্ষকসকলৰ বাবে এক ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে। শুকুৰবাৰে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰিলে বিশেষ জাননী।

এতিয়াৰে পৰা শিক্ষকসকল বাধ্যতামূলকভাৱে পুৱা ৯ বজাত উপস্থিত হব লাগিব বিদ্যালয়ত।

শিক্ষা সেতু এপত সঠিকভাৱে ৰেকৰ্ড হ’ব লাগিব শিক্ষকসকলৰ স্কুললৈ অহা আৰু যোৱাৰ সময়। অনা-শৈক্ষিক কৰ্মচাৰীসকল উপস্থিত হ’ব লাগিব পুৱা ১০ বজাত আৰু বিদ্যালয়ত ৪.৩০ বজালৈ উপস্থিত থাকিব লাগিব।

প্ৰতিগৰাকী শ্ৰেণী শিক্ষক ব্যক্তিগতভাৱে দায়বদ্ধ হ’ব প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত। প্ৰতিদিনে প্ৰধান শিক্ষকে উপস্থিতিৰ তথ্যৰ শুদ্ধতা পৰীক্ষা কৰিব।

এতিয়াৰে পৰা হাইস্কুল পৰ্যায়তো সকলো স্নাতকোত্তৰ শিক্ষকে পাঠদান কৰিব লাগিব। এই সকলো নিৰীক্ষণ কৰিব প্ৰধান শিক্ষকে।