NORTHEAST NOW (Assamese)

ক’ৰ’না মুক্ত হোৱাৰ পথত চীনে লুকুৱাইছে কি! টুইটাৰত ট্ৰেণ্ডিং #MakeChinaPay

March 25, 2020 5:33 pm · এন ই নাও নিউজ
পৰিসংখ্যা

চীনত হঠাৎ হ্ৰাস পোৱা ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ সংখ্যা আৰু আৰোগ্য হোৱা ব্যক্তিৰ পৰিসংখ্যাই ভাৰতৰ লগতে বিশ্বৰ জনসাধাৰণক আশ্বৰ্য্য কৰি তুলিছে।

বিশ্বৰ জনসাধাৰণে চীনৰ প্ৰতি ক্ষোভ ব্যক্ত কৰি টুইটাৰত নিজৰ নিজৰ মত প্ৰকাশ কৰাৰ লগতে #MakeChinaPay ব্যাৱহাৰ কৰিছে।

বৰ্তমান সময়ত টুইটাৰত #MakeChinaPay-য়ে ট্ৰেণ্ডিঙত আছে।

ক’ৰ’নাত আক্ৰান্ত হোৱা বিশ্বৰ বিভিন্ন দেশ আৰু চীনৰ শেহতীয়া পৰিসংখ্যা দাঙি ধৰি টুইটাৰী সকলে চীনে ইমান সংখ্যক লোকক কম সময়ৰ ভিতৰতে আৰোগ্য কৰি তোলা সন্দৰ্ভত সন্দেহ ব্যক্ত কৰি চীনে নিশ্চয় কিবা লুকুৱাইছে বুলি কয়।

আনহাতে, বহু ব্যক্তিয়ে চীনে সমগ্ৰ বিশ্বক মহামাৰী জাপি দি এতিয়া নিজে শান্তিত আগবাঢ়িব বিচাৰিছে বুলি অভিযোগ কৰি চীনা সামগ্ৰী বয়কট কৰাৰ বাবে আহ্বান জনাইছে।

‘‘আহক আমি আজিয়ে শপত খাও, যেতিয়া আমি এই মহামাৰীৰ পৰা মুক্তি লাভ কৰো তাৰ পাছত কোনোধৰণৰ চীনা সামগ্ৰী ব্যৱহাৰ নকৰো আৰু চীনৰ সৈতে কোনোধৰণৰ ব্যৱসায় নকৰো,’’ এগৰাকী ভাৰতীয় লোকে টুইটাৰত লিখে।

উল্লেখযোগ্য যে, আজি চীনৰ বৈদেশিক মন্ত্ৰীয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰত ভাৰতক ক’ৰ’না ভাইৰাছক ‘চীনা ভাইৰাছ’ বুলি নকবলৈ অনুৰোধ কৰে।

Related News