NORTHEAST NOW (Assamese)

অধিক অৱনতি সম্পৰ্কঃ ১৫ মাৰ্চৰ পূৰ্বে ভাৰতক সেনা প্ৰত্যাহাৰৰ প্ৰস্তাৱ মালদ্বীপৰ

January 14, 2024 7:27 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষদ্বীপ ভ্ৰমণৰ পিছতে সূত্ৰপাত হোৱা বিতৰ্ক আৰু তাৰ পিছৰ ৰাজনৈতিক পৰিস্থিতিয়ে অধিক অৱনতি ঘটাইছে ভাৰত-মালদ্বীপৰ মাজৰ কূটনৈতিক সম্পৰ্কত। তাৰ মাজতে আজি ভাৰতৰ বিপক্ষে মালদ্বীপে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ স্থিতি।

আজি মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে ১৫ মাৰ্চৰ পূৰ্বে দ্বীপৰাষ্ট্ৰখনৰ পৰা ভাৰত চৰকাৰক সেনা প্ৰত্যাহাৰৰ প্ৰস্তাৱ আগবঢ়াইছে। পূৰ্বৰ মালদ্বীপ চৰকাৰৰ অনুৰোধত ভাৰতে কেইবাবছৰ ধৰি মালদ্বীপত সামান্য সামৰিক উপস্থিতি বজাই ৰাখিছে।

শেহতীয়া চৰকাৰী পৰিসংখ্যা অনুসৰি বৰ্তমান মালদ্বীপত ৮৮ জন ভাৰতীয় সামৰিক জোৱান আছে। এই জোৱানসকল মূলতঃ সামুদ্ৰিক সুৰক্ষা আৰু দুৰ্যোগ সাহায্যৰ দায়িত্বত আছে। কিন্তু মুইজুৱে মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ পিছতে আহিছে পৰিৱৰ্তন।

ৰাষ্ট্ৰপতি মুইজুৱে শেহতীয়াকৈ ভাৰতৰ সৈতে সম্পৰ্ক হ্ৰাস কৰি চীনৰ সৈতে সহযোগিতা অধিক বৃদ্ধিৰ পোষকতা কৰি আহিছে। এনে স্থিতিৰ মাজতে আজি মুইজুৱে ভাৰতক আনুষ্ঠানিকভাৱে দেশখনত নিয়োজিত সামৰিক জোৱানসকলক প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়।

মালদ্বীপ আৰু ভাৰতে সৈন্য প্ৰত্যাহাৰৰ আলোচনাৰ বাবে এক উচ্চ পৰ্যায়ৰ মূল গোট গঠন কৰিছে। আজি পুৱা মালেস্থিত বৈদেশিক মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয়ত এই গোটে প্ৰথমখন বৈঠক অনুষ্ঠিত কৰে।

নৱেম্বৰ মাহত মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এক বিবৃতি জাৰি কৰিছিল। বিবৃতিটোত ভাৰতে সেনা প্ৰত্যাহাৰৰ বিষয়ত মালদ্বীপৰ জনসাধাৰণৰ গণতান্ত্ৰিক ইচ্ছাক সন্মান জনাব বুলি আশা প্ৰকাশ কৰিছিল।

ইয়াৰ পিছতে শেহতীয়াকৈ মোদীৰ লক্ষদ্বীপ ভ্ৰমণৰ পাছত মালদ্বীপৰ কেইগৰাকীমান নেতাই সামাজিক মাধ্যমত কৰা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰে। এনে বিতৰ্কৰ পাছতে মালদ্বীপে তিনিগৰাকী সাংসদক নিলম্বিত কৰিছিল।

এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ পাঁচদিনীয়া চীন ভ্ৰমণ সামৰি শনিবাৰে ৰাষ্ট্ৰপতি মুইজুৱে ভাৰত-মালদ্বীপৰ বিষয়টোৰ ওপৰত প্ৰত্যক্ষভাৱে উল্লেখ নকৰাকৈয়ে কোনো দেশৰ মালদ্বীপৰ ওপৰত‘দাদাগিৰি’ কৰাৰ অধিকাৰ নাই বুলি বিশেষ মন্তব্য কৰিছিল।

Related News