NORTHEAST NOW (Assamese)

আজাদৰ পাছত ৰাজ্যসভাত বিৰোধী দলপতি হিচাপে মল্লিকাজুন খৰ্গেক কংগ্ৰেছৰ প্ৰক্ষেপ

February 12, 2021 12:21 pm · এন ই নাও নিউজ
Updated: February 12, 2021 12:23 pm

চাৰি দশকজোৰা ৰাজনৈতিক পৰিক্ৰমা সামৰি গোলাম নৱী আজাদে অৱসৰ গ্ৰহণ কৰাৰ পাছতে ৰাজ্যসভাত বিৰোধী দলপতি কোন হ’ব, সেই লৈ চৰ্চা চলিছে।

এইক্ষেত্ৰত জানিব পৰা গৈছে যে জ্যেষ্ঠ কংগ্ৰেছী নেতা মল্লিকাজুন খৰ্গেৰ নাম ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুলৈ প্ৰেৰণ কৰা হৈছে।

জম্মু আৰু কাশ্মীৰৰ পৰা প্ৰতিনিধিত্ব কৰা আজাদে ১৫ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰাৰ পাছতে ৰাজ্যসভাত বিৰোধী দলপতিৰ স্থান খালী হৈ আছে।

আনহাতে কৰ্ণাটকৰ এজন দলিত নেতা মল্লিকাজুন খৰ্গে ২০১৪ৰ পৰা ২০১৯ চনলৈকে লোকসভাত কংগ্ৰেছৰ দলপতি আছিল।

Related News