NORTHEAST NOW (Assamese)

অপ্ৰতিৰোধ্য মমতা, ধূলিসাৎ বিৰোধী; বংগত স্বপ্নৰ দৌৰ তৃণমূলৰ অশ্বমেধ বিজয় ৰথৰ

December 21, 2021 4:31 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 21, 2021 4:41 pm

বংগৰ ৰাজনৈতিক বতাহত এতিয়া কেৱল মমতা আৰু তৃণমূল। বংগ বিধানসভা নিৰ্বাচনত বিৰোধীক নি:চিহ্ন কৰি শাসন ভাৰ লোৱা তৃণমূলৰ অশ্বমেধ বিজয় ৰথে লোৱা নাই জিৰণি। এইবাৰ কলকাতা পৌৰ নিৰ্বাচনৰ ফলাফলত বিৰোধীক আকৌ ধূলিসাৎ কৰিলে মমতাৰ তৃণমূলে।

আজি ঘোষিত কলকাত পৌৰ নিৰ্বাচনৰ ১৩৪ টা ৱাৰ্ডত বিজয়ধ্বজা উৰুৱালে তৃণমূলৰ বিজয়ধ্বজা। আনহাতে মাত্ৰ ১০ টা ৱাৰ্ড নিজৰ দখলত ৰাখিবলৈ সক্ষম হ’ল বিৰোধী।

এই ১০ টা ৱাৰ্ডৰে ৩ টা ৱাৰ্ডত বিজয়ী হৈছে নিৰ্দলীয় প্ৰাৰ্থী। এই তিনিওজন নিৰ্দলীয় প্ৰাৰ্থীয়েই ইতিমধ্যে শাসকীয় তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি নিশ্চিত কৰিছে।

আনহাতে চিপিএম, কংগ্ৰেছ দুয়োটাই ২ খনকৈ আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে ৩ খন।

বিজয়ৰ পাছত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তৃণমূলৰ মুৰব্বী গৰাকীয়ে কয়, “বিজেপি হৈছে ভোকাট্টা (চূৰ্ণ)। মানুহৰ সমৰ্থন প্ৰাপ্ত কৰাত ব্যৰ্থ হৈছে। বাকীবোৰ একেই পৰিস্থিতিত আছে। চিপিএম নো পাট্টা। আৰু কংগ্ৰেছ চিপিএম আৰু বিজেপিৰ মাজত পৰা চেণ্ডুইচ।”

Related News