NORTHEAST NOW (Assamese)
অসম

কি চৰ্তত কেব মানি ল’ব বুলি ক’লে মমতা বেনাৰ্জীয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 6, 2019 6:29 pm
mamata-1345-740x375

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক “একেটা মুদ্ৰাৰে দুটা পিঠি’ বুলি অভিহিত কৰিছে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে।

শুকুৰবাৰে মুখ্য মন্ত্ৰীগৰাকীয়ে তেওঁৰ দল তৃণমূল শেষ পৰ্যন্ত ইয়াৰ বিৰোধিতা কৰি যাব বুলি দোহাৰিছে।

কলকাতাত তৃণমূল কংগ্ৰেছৰ এখন কৰ্মীসভাত ভাষণ দি মমতাই কয় যে যদি সকলো সম্প্ৰদায়কে নাগৰিকত্ব দিয়া হয়, তেতিয়াহ’লে সেয়া গ্ৰহণ কৰা হ’ব।

‘’কিন্তু আপোনালোকে যদি ধৰ্মৰ ভিত্তিত ভেদভাৱ আনে, আমি ইয়াৰ বিৰোধিতা কৰিম আৰু লগতে ইয়াৰ বিৰুদ্ধে যুঁজ দিম,’’-মমতাই কয়।

পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাগি অহা শৰণাৰ্থীক ভাৰতৰ নাগৰিকত্ব দিব বিচৰা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনত সংসদত উত্থাপন কৰাৰ পূৰ্বে বুধবাৰে কেবিনেটত অনুমোদন জনোৱা হৈছিল।

বিধেয়কখন যোৱা জানুৱাৰি মাহত লোকসভাত গৃহীত হৈছিল যদিও ৰাজ্যসভাত গৃহীত নোহোৱাকৈ ৰৈ আছিল।

মমতাই লগতে কয় যে কেন্দ্ৰই অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা জনসাধাৰণৰ মনযোগ আঁতৰাই নিবৰ বাবে বিধেয়কখন আনিছে।

‘’নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। আমি বেংগলত কেব ৰূপায়ন কৰিবলৈ নিদিওঁ। মই আন ৰাজনৈতিক দলবোৰকো কেবক সমৰ্থন নকৰিবলৈ আহ্বান জনাইছো,’’-মমতাই কয়।