NORTHEAST NOW (Assamese)

যাৱজ্জীৱন কাৰাদণ্ড পোৱা ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত ওদালগুৰিত বিশাল প্ৰতিবাদ

February 13, 2019 7:23 am · চাজিদ খান
Updated: February 13, 2019 8:34 am
ওদালগুৰিৰ প্ৰতিবাদ। ফটো: নৰ্থ-ইষ্ট নাও

অভিশপ্ত ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণত জড়িত থকা বাবে আদালতে যাৱজ্জীৱন কাৰাবাস দিয়া এন ডি এফ বিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত ওদালগুৰিত মঙলবাৰে বিশাল প্ৰতিবাদ সাব্যস্ত কৰা হয়।

বড়ো মহিলা ন্যায়ৰক্ষী সমিতি, বি পি চি পি আই আৰু খিলঞ্জীয়া মানুহৰ অধিকাৰ ৰক্ষী সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদত সহস্ৰাধিক লোকে অংশলৈ প্লেকাৰ্ড প্ৰদৰ্শন আৰু ‘‘ন’ ৰঞ্জন, ন’ ভোট’’, ‘‘ন’ ৰঞ্জন, ন’ ৰেষ্ট’’ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, চি বি আইৰ বিশেষ আদালতে ২০০৮ চনৰ ৩০ অক্টোৱৰত গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।

বড়ো মহিলা ন্যায়ৰক্ষী সমিতিৰ অধ্যক্ষা অঞ্জলী দৈমাৰীয়ে সাংবাদিকৰ আগত শাসনাধিষ্ঠিত গেৰুৱা দলটোৱে বিদ্ৰোহী দল সমূহৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ কৰা বুলি অভিযোগ কৰি কয় যে অসমত কূটাঘাত সংঘটিত কৰা আন বহুতো বিদ্ৰোহী দলক চৰকাৰে ক্ষমা কৰিছে। কিন্তু চৰকাৰৰ সৈতে শান্তি আলোচনা চলাই থকা এন ডি এফ বিৰ ক্ষেত্ৰত চৰকাৰে পক্ষপাতদুষ্ট আচৰণ কৰিছে। আলফাৰ নেতা সকলক দেশত হাজিৰ কৰাৰ সময়ত উষ্ম আদৰণি জনোৱাৰ বিপৰীতে ৰঞ্জন দৈমাৰীক লোৰ শিকলিৰে বান্ধি দেশলৈ অনা হৈছিল বুলিও অভিযোগ কৰে বি ডব্লিউ জে এফৰ অধ্যক্ষা গৰাকীয়ে।

আনহাতে, চৰকাৰৰ সৈতে শান্তি আলোচনা চলি থকা সময়ত কোনো বিদ্ৰোহী দলৰ মুৰব্বীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ নজিৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰত পূৰ্বতে নাই বুলি উল্লেখ কৰি অঞ্জলী দৈমাৰীয়ে এই ৰায়দানৰ ফলত বড়োভূমিৰ শান্তি-সম্প্ৰীতি বিঘ্নিত হ’ব বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

Related News