NORTHEAST NOW (Assamese)
Popular Stories

৪২০ প্ৰেমিক! জন্মদিনৰ উপহাৰৰ লোভত ৩৫ গৰাকী মহিলাৰ স’তে প্ৰেমৰ সম্পৰ্ক গঢ়ি আটক, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 26, 2021 6:41 pm

জন্মদিনত অসংখ্য উপহাৰ পোৱাৰ লোভত এক আজৱ কাণ্ড কৰিলে জাপানৰ এজন লোকে।

লোকজনে ৩৫ গৰাকী মহিলাৰ স’তে প্ৰেমৰ সম্পৰ্ক গঢ়ে আৰু প্ৰত্যেককে নিজৰ জন্মদিনৰ তাৰিখটো বেলেগ বেলেগকৈ কয়।

এক আন্তৰ্জাতিক সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ৩৯ বছৰীয়া ব্যক্তিজনৰ নাম তাকিছি মিয়াগাৱা।য

দক্ষিণ জাপানৰ কানচাই অঞ্চলত বাস কৰা তাকিছিয়ে এটা বাথৰুমৰ সামগ্ৰী বিক্ৰীৰ দোকানত অস্থায়ী কৰ্মী হিচাপে কাম কৰে।

দোকানলৈ অহা মহিলাসকলৰ স’তে তাকিছিয়ে অন্তৰংগতা স্থাপন কৰে।

তাৰপাছত বিয়াৰ প্ৰতিশ্ৰুতি দি আৰম্ভ কৰে প্ৰেমৰ সম্পৰ্ক।

এনেদৰে ৩৫ গৰাকীকৈ মহিলাৰ স’তে সম্পৰ্ক কৰে তেওঁ।

সকলোকে বেলেগ বেলেগ সময়ত তেওঁ ডেটিং কৰিবলৈ লয়।

নিজৰ জন্মদিনৰ প্ৰকৃত তাৰিখ ১৩ নৱেম্বৰ যদিও প্ৰত্যেককে তেওঁ বেলেগ বেলেগ তাৰিখ দিছিল।

উপহাৰৰ লোভতে তেওঁ এই কাম কৰে, যাতে গোটেই বছৰধৰি তেওঁ উপহাৰ পাই থাকে।

কিন্তু দিন একে হৈ নাথাকিল।

তাকিছিৰ লিলিমাই ধৰা পৰি গ’ল।

প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলা এগৰাকী মহিলাই তাকিছিৰ সমস্ত কাণ্ড ধৰা পেলায়।

আৰক্ষীৰ কাষ চাপে মহিলাগৰাকী।

মহিলগৰাকীয়ে দিয়া প্ৰতাৰণাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তাকিছিক আটক কৰে।

অনেক লোকে লোকজনক উচিত শাস্তিৰ দাবী জনাইছে।

আন বহুতো লোকে সমস্ত কাণ্ডক লৈ ৰগৰ কৰিছে।