NORTHEAST NOW (Assamese)

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

July 5, 2022 7:52 pm · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহিঅ’ চহৰৰ এজন ৭২ বছৰীয়া বৃদ্ধই এক অদ্ভূত অভিজ্ঞতা লাভ কৰিলে। তেওঁৰ ব্যক্তিগত অংগ তথা অণ্ডকোষৰ পৰা বাহিৰ হৈছে সাপৰ ফুচফুচনিৰ দৰে এক বিচিত্ৰ ধ্বনি। বৃদ্ধগৰাকীৰ এই বাতৰি প্ৰকাশ হোৱাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

বাতৰিত প্ৰকাশ হোৱা মতে, যেতিয়া বৃদ্ধগৰাকীয়ে অণ্ডকোষৰ পৰা সাপৰ ফুচফুচনিৰ দৰে শব্দ শুনা পায়, তেতিয়া তেওঁৰ তীব্ৰ শ্বাসকষ্টও লাভ কৰিছিল। জানিব পৰা মতে, বৃদ্ধজন হুইচিং স্ক্ৰোটাম নামৰ এটা বিৰল ৰোগত আক্ৰান্ত হৈছে।

চিকিৎসা বিজ্ঞানীসকলে জনায় যে, এই ৰোগত আক্ৰান্ত হোৱা এই বৃদ্ধজনেই বিশ্বৰ প্ৰথমগৰাকী ৰোগী। চিকিৎসা পৰীক্ষাত ধৰা পৰিছে যে বৃদ্ধগৰাকীৰ হাওঁফাওঁৰ অৱস্থা অত্যন্ত বেয়া। শৰীৰৰ সকলো অংশতে বায়ু জমা হৈছে। আনকি বাওঁফালৰ অণ্ডকোষতো এই বায়ু জমা হৈছে।

উল্লেখযোগ্য যে পাঁচ মাহ আগে তেওঁৰ সেই অণ্ডকোষটো ফুলি উঠিছিল। অস্ত্ৰোপচাৰো কৰা হৈছিল। এতিয়া অণ্ডকোষতো বায়ু জমা হোৱাৰ ফলত সাপৰ ফুচফুচনিৰ দৰে শব্দ নিৰ্গত হৈছে।

চিকিৎসকসকলে বৃদ্ধগৰাকীৰ অণ্ডকোষ দুটা কাটি পেলাইছে। এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে। চিকিৎসকসকলে জানিবলৈ দিয়া মতে, এইধৰণৰ অসুখত সময়মতে চিকিৎসা নকৰিলে ৰোগীৰ মৃত্যু পৰ্যন্তও হ’ব পাৰে।

Related News