NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক! কাণৰ ভিতৰতে Bluetooth headphone ফাটি যুৱকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 7, 2021 8:05 pm
earphones

কাণত ব্লুটুথ হেডফোন লগাই পঢ়ি থকাৰ সময়তে বিস্ফোৰণ ঘটি মৃত্যু হয় ২৮ বছৰীয়া এজন যুৱকৰ। ঘটনাটোক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

শনিবাৰে ৰাজস্থানৰ জয়পুৰ আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে। দেশত এনে ধৰণৰ ঘটনা এইটোৱে প্ৰথম বুলি কোৱা হৈছে।

বাতৰি অনুসৰি, জয়পুৰৰ উদয়পুৰিয়া গাঁৱৰ বাসিন্দা ৰাকেশ কুমাৰ নাগাৰে শুকুৰবাৰে নিজৰ ঘৰতে বহি পঢ়াশুনা কৰি আছিল। ৰাকেশে কোনো চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল।

পঢ়াশুনা কৰি থকা সময়ত ৰাকেশৰ কাণত হেডফোনটো লগোৱা আছিল। কিন্তু সেইটো এটা ইলেকট্ৰিক আউটলেটৰ সৈতে লগোৱা আছিল। হঠাতে ইয়াৰ প্ৰবল বিস্ফোৰণ ঘটে।

বিস্ফোৰণৰ লগে লগে অচেতন হৈ পৰে যুৱকজন। ততাতয়াকৈ তেওঁক এখন ব্যক্তিগত হাস্পাতললৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়।

চিকিৎসকে জানিবলৈ দিয়া মতে, ৰাকেশৰ দুয়োখনে কাণেই ক্ষতবিক্ষত হৈ পৰে। তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল বুলিও জানিবলৈ দিয়ে চিকিৎসকে।

হৃদয় বিদাৰক কথাটো হ’ল যোৱা ফেব্ৰুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হৈছিল ৰাকেশ। তদুপৰি, ৰাকেশ পৰিয়ালৰ আটাইতকৈ ডাঙৰ সন্তান।

শেহতীয়াকৈ তাঁৰথকা এয়াৰফোনৰ তুলনাত অধিক জনপ্ৰিয় হৈ পৰিছে ব্লুটুথ। কিন্তু ব্লুটুথ বা এয়াৰফোন বিস্ফোৰণ ঘটি এনেদৰে মৃত্যুৰ ঘটনা এয়াই প্ৰথম দেখা গৈছে।