ভূৰবন্ধাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজে সাৱ্যস্ত কৰে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট

চামগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত অন্তৰ্গত ৰূপহীহাটৰ ভূৰবন্ধাত বিদ্যুৎ বিভাগৰ বিৰূদ্ধে ৰাইজে সাব্যস্ত কৰে তিনি ঘণ্টিয়া অৱস্থান ধৰ্মঘট।
গ্ৰাহক ৰাইজে বিদ্যুৎ মাচুল নিয়মীয়াকৈ আদায় দিয়াৰ পাছতো ২৭ দিনৰ পিছতেই পুনৰ ৩৬০০০ টকা মাচুল অহাত আচৰিত হৈ শংকিত হৈ পৰে গাওঁবাসী।
ভুৰবন্ধা অঞ্চলৰ প্ৰতিজন গ্ৰাহকৰ বিদ্যুত মাচুলত এনে বিসংগতিৰ অভিযোগ আছে।
সমস্যা সমাধানৰ বাবে চামগুৰিস্থিত বিদ্যুত বিভাগৰ কাৰ্যালয়লৈ গ’লে একাংশ কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰি কাৰ্যালয়ৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে।
অৱশ্যে ৰাইজে কোনো উপায় উলিয়াব নোৱাৰি আজি চামগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত ৰূপহীহাটৰ ভূৰবন্ধাৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে।