NORTHEAST NOW (Assamese)

ধৈৰ্যৰো সীমা থাকে! ১৭ বছৰত ১৯২বাৰ বহিল পৰীক্ষাত, তথাপি নাপালে ড্ৰাইভিং লাইচেন্স

March 18, 2021 12:28 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ড্ৰাইভিং লাইচেন্সৰ বাবে পৰীক্ষা দি কিমানবাৰ ব্যৰ্থ হ’ব পাৰে কোনো এজন ব্যক্তি সেয়া অনুমান কৰিব পাৰেনে?

সাধাৰণতে এবাৰ, দুবাৰত নহ’লে কোনোৱে হয়তো তিনিবাৰ ড্ৰাইভিং লাইচেন্সৰ পৰীক্ষাত বহিব লগা হ’ব পাৰে।

কিন্তু এজন ব্যক্তিয়ে ড্ৰাইভিং লাইচেন্স লাভৰ বাবে ১৭ বছৰ ধৰি কেবল পৰীক্ষা দিয়েই আহিছে। এই ১৭ বছৰত মুঠ ১৯২বাৰ পৰীক্ষাত বহিও ড্ৰাইভিং লাইচেন্স লাভ কৰিবলৈ সক্ষম নহ’ল তেওঁ।

শুনিবলৈ আচৰিত যেন লাগিলেও পোলেণ্ডৰ এই ব্যক্তিজনে এনেদৰেই এক অভিলেখ গঢ়িলে।

বাতৰি অনুসৰি, পোলেণ্ডৰ পিঅ’ত্ৰকোউ ট্ৰিবুনালস্কিৰ বাসিন্দা ৫০ বছৰীয়া এই ব্যক্তিজনে যোৱা ১৭ বছৰ ধৰি ড্ৰাইভিং লাইচেন্সৰ পৰীক্ষা দি আহিছে।

কিন্তু ১৯২বাৰকৈ পৰীক্ষাত বহিও তেওঁ উত্তীৰ্ণ হ’ব নোৱাৰিলে। এতিয়ালৈকে ইয়াৰ বাবে ব্যক্তিজনে ভাৰতীয় মুদ্ৰাত প্ৰায় ১ লাখ ৩০হাজাৰ টকা খৰচ কৰিবলগীয়া হৈছে।

পোলেণ্ডত ড্ৰাইভিং লাইচেন্সৰ বাবে দুটা পৰ্যায়ত পৰীক্ষাত বহিব লগা হয়। ইয়াৰে এটা থিঅ’ৰি আৰু আনটো প্ৰেক্টিকেল। দেশখনত থিঅ’ৰি পৰীক্ষাত ৫০ ৰ পৰা ৬০ শতাংশ ব্যক্তি উত্তীৰ্ণ হয় যদিও প্ৰেক্টিকেল পৰীক্ষাত মাত্ৰ ৪০ শতাংশ ব্যক্তিয়েহে উত্তীৰ্ণ হ’ব পাৰে।

Related News