NORTHEAST NOW (Assamese)
দেশ

বিলৈ! বান্দৰৰ সৈতে চেলফি তুলিবলৈ গৈ ৫০০ ফুট দ খাৱৈত পৰি সাবটিলে মৃত্যুক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 5, 2023 10:39 am
Man died while taking selfie with monkeys

কিছুমান অদ্ভুত তথা আজৱ চখ পূৰণ কৰিবলৈ গৈ প্ৰায়ে বিপদত পৰে মানুহ। এনে এক অদ্ভুত চখ পূৰাবলৈ গৈ মৃত্যুক সাবটিবলগীয়া হৈছে মহাৰাষ্ট্ৰৰ এজন লোকে। বান্দৰৰ সৈতে চেলফি তুলিবলৈ চেষ্টা কৰি এই ব্যক্তিগৰাকীয়ে ৫০০ ফুট দ খাৱৈত পৰি মৃত্যুক সাৱটি লয়।

মহাৰাষ্ট্ৰৰ বাৰান্ধা ঘাট পথত মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা। মৃত লোকগৰাকীক ৩৯ বছৰীয়া আব্দুল ছেইখ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে বুধবাৰে পুৱা ছেইখৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ তথ্য মতে নিজ বাহনেৰে কোংকন অভিমুখে গৈ থকা অৱস্থাত আব্দুল ছেইখে বাৰান্ধা ঘাট পথৰ ৱাঘজাই মন্দিৰৰ সমীপত ৰয়।

ভোৰ আৰক্ষী থানাৰ এগৰাকী বিষয়াৰ মতে, সেই স্থানৰ আশে-পাশে কিছুমান বান্দৰ আছিল আৰু ছেইখে বান্দৰবোৰৰ সৈতে চেলফি ল’বলৈ চেষ্টা কৰে।

কিন্তু এই আজৱ চখ পূৰণৰ তাগিদাত অসতৰ্ক হৈ পৰা ছেইখে হঠাতে ভাৰসাম্য হেৰুৱাই তললৈ বাগৰি পৰে আৰু লগে লগে তেওঁৰ মৃত্যু হয়।

বুধবাৰে পুৱা স্থানীয় উদ্ধাৰকাৰী গোটৰ সহায়ত আৰক্ষীয়ে খাৱৈৰ পৰা ছেইখৰ মৃতদেহটো উদ্ধাৰ কৰে বুলি আৰক্ষী বিষয়া গৰাকীয়ে লগতে কয়।