NORTHEAST NOW (Assamese)
অসম

পিতৃক হত্যা কৰিলে পুত্ৰই : আৰক্ষীৰ জালত ঘাতক পুত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 7, 2023 5:33 pm
পিতৃক হত্যা কৰিলে পুত্ৰই : আৰক্ষীৰ জালত ঘাতক পুত্ৰ

সোণাৰিত সংঘটিত হৈছে পুত্ৰই নিজ পিতৃক হত্যা কৰাৰ ভয়ানক কাণ্ড। পাৰিবাৰিক কাৰণত সোণাৰি চাহ বাগিছাত এগৰাকী পুত্ৰই পিতৃক হত্যা কৰিছে।

শনিবাৰে নিশা সোণাৰিৰ মঞ্জুশ্ৰী চাহ বাগিচাত পাৰিবাৰিক বিবাদক লৈ গুলী ওৰাং ওৰফে এণ্টনি নামৰ অভিযুক্তজনে পিতৃক হত্যা কৰিছিল।

অপৰাধ সংঘটিত কৰাৰ পিছত অভিযুক্ত পলাতক অৱস্থাত আছিল যদিও তালাচী অভিযানৰ অন্তত দেওবাৰে আৰক্ষীয়ে তেওঁক আটক কৰে।

জানিব পৰা মতে নিহত লোকজনৰ নাম পুন্য ওৰাং।

দোষীক কৰায়ত্ত কৰাৰ পিছত ইতিমধ্যে যাৱতীয় তদন্ত অব্যাহত ৰাখিছে সোণাৰি আৰক্ষীয়ে।