NORTHEAST NOW (Assamese)
অসম

পঞ্জাৱৰ হোছিয়াৰপুৰত আম্বেদকাৰৰ প্ৰতিমূৰ্তিত আঘাত, অপমান; এজন যুৱকক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 26, 2025 7:42 am

সংবিধানৰ প্ৰণেতা বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি ভঙাৰ অভিযোগ। অভিযোগ কৰা হৈছে যে প্ৰতিমূৰ্তিটো ভাঙি পেলোৱাৰ উপৰিও ইয়াৰ ওপৰত থু পেলোৱা হৈছিল। এই অভিযোগত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। পঞ্জাৱৰ হোছিয়াৰপুৰত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়। ধৃত যুৱকজনৰ নাম জগদীপ সিং মাথাৰু। বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিত থু পেলোৱা আৰু ভঙাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনৰ বিৰুদ্ধে।

আৰক্ষীয়ে জনোৱা মতে, বি আৰ আম্বেদকাৰৰ বিষয়ে অপমানজনক মন্তব্য কৰাৰ লগতে প্ৰতিমূৰ্তিৰ কাষত সংবিধানৰ এটি প্ৰতিৰূপৰ (ৰেপ্লিকা) ক্ষতিসাধন কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি জগদীপ সিং মাথাৰুৱে মূৰত কাপোৰ মেৰিয়াই আম্বেদকাৰ প্ৰতিমূৰ্তিলৈ উঠি যোৱা চিৰি বগাই গৈছিল বুলি অভিযোগ উঠিছে। অভিযুক্ত যুৱকজনে আম্বেদকাৰৰ প্ৰতিমূৰ্তি ভাঙিবলৈ আহিছে বুলি চিঞৰি একাধিকবাৰ থু পেলায়। একে সময়তে জগদীপে দাবী কৰিছিল যে তেওঁ আম্বেদকাৰ বা সংবিধানক নামানে।

অভিযোগ অনুসৰি, সেই কথা কোৱাৰ পিছতে মানুহজনে তেওঁৰ কাপোৰৰ পৰা ধাতুৰ বেজীৰ দৰে বস্তু এটা উলিয়াই আনে। ইয়াৰ লগে লগে তেওঁ চিমেণ্ট আৰু অন্যান্য নিৰ্মাণ সামগ্ৰীৰে নিৰ্মিত সংবিধানৰ প্ৰতিৰূপ ঘঁহিবলৈ ধৰিলে। তেওঁৰ এই কাৰ্য দেখি স্থানীয় একাংশ লোক আগবাঢ়ি আহে। তেওঁলোকেই আটক কৰি আৰক্ষীক খবৰ দিয়ে।

যুৱকজনে কিয় এনে কৰিলে সেয়া জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। যুৱকজনক জেৰা কৰা হৈছে।