খানাপাৰাত জব্দ বৃহৎ পৰিমাণৰ জালনোট

ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে জালনোটৰ বেহা। শুকুৰবাৰে নিশা মহানগৰ আৰক্ষীয়ে খানাপাৰাত বৃহৎ পৰিমাণৰ জালনোট সহ এজন ব্যক্তিক আটক কৰে।
শুকুৰবাৰে নিশা প্ৰায় ১১.৪৫ বজাত খানাপাৰা ট্ৰেফিক অ’ পি টিম আৰু ৰাইজৰ বিশেষ অভিযান গ্ৰুপৰ (এছ অ’ জি) দলৰ সৈতে বশিষ্ঠ আৰক্ষী থানাৰ এটা দলে অভিযুক্তক আটক কৰে।
সূত্ৰৰ পৰা জানিব পৰা মতে, তেওঁৰ হাতৰ পৰা ২,৯৩,০০০ টকাৰ জাল নোট জব্দ কৰা হৈছে। ইতিমধ্যে এই নোট সমূহৰ উৎস আৰু ইয়াৰ লগত কোন কোন জড়িত হৈ আছে সেই বিষয়ে তদন্ত আৰম্ভ কৰিছে।
ইয়াৰ উপৰিও আৰক্ষীয়ে দোকানী, বিক্ৰেতা আৰু গ্ৰাহকসকলকো কৰাৰ পূৰ্বে নোটসমূহ ভালদৰে পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও যোৱা ২৮ মাৰ্চত সীমান্ত সুৰক্ষা বাহিনীয়ে ধুবুৰীত প্ৰায় তিনি লাখ টকা পৰিমাণৰ জাল নোট জব্দ কৰিছিল।
লগতে ১৩ ফেব্ৰুৱাৰীত শোণিতপুৰ জিলাত জব্দ কৰা হৈছিল ৫.৬৫ লাখ টকাৰ জাল নোট।