NORTHEAST NOW (Assamese)

অসম আৰক্ষীৰ নৃশংস প্ৰহাৰৰ অভিযোগ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি যুৱক

March 26, 2023 4:03 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ছবি

অসম আৰক্ষীৰ বিৰুদ্ধে উঠিছে আন এক গুৰুতৰ অভিযোগ। এক চুৰি কাণ্ডত অভিযুক্ত এগৰাকী যুৱকক নৃশংসভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত যুৱক গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাবলগীয়া হৈছে বুলি জানিব পৰা গৈছে।

অমৃত হালৈ নামৰ আহত যুৱকগৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, বশিষ্ঠ আৰক্ষীয়ে গুৱাহাটীৰ ভেটাপাৰাত থকা বাসগৃহৰ পৰা যুৱকগৰাকীক আটক কৰি লৈ যোৱাৰ পিছত তেওঁৰ ওপৰত থাৰ্ড ডিগ্ৰীৰ পদ্ধতি ব্যৱহাৰ কৰে।

বশিষ্ঠ থানাত আৰক্ষীয়ে অমৃতক লাঠি আৰু বেল্ট ব্যৱহাৰ কৰি নৃশংসভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে বুলি পৰিয়ালৰ এগৰাকী সদস্যই অভিযোগ কৰে।

সোণ চুৰি ঘটনাত জড়িত থকাৰ সন্দেহত সোমবাৰে বশিষ্ঠ আৰক্ষীয়ে আটক কৰিছিল অমৃত হালৈক। পৰিয়ালৰ সদস্যই জানিবলৈ দিয়া মতে, অমৃতে বুকু, মূৰ আৰু গুপ্তাংগত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে এতিয়া সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন হৈ আছে।

অমৃতে কোনো অপৰাধ সংঘটিত কৰা নাই বুলি দাবী কৰি পৰিয়ালৰ সদস্যগৰাকীয়ে বিনা দোষত আৰক্ষীয়ে অমানৱীয় নিৰ্যাতন চলোৱা বুলি অভিযোগ কৰে।

উল্লেখ্য যে, ইতিপূৰ্বে ডিচেম্বৰ মাহত আৰক্ষীয়ে চুৰি গোচৰত অমিত হালৈৰ জ্যেষ্ঠ ভাতৃ মিথুন হালৈক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁকো জিম্মাত থকা অৱস্থাত নিৰ্মম অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

Related News