NORTHEAST NOW (Assamese)

নিজৰ চেলুনত লাইব্ৰেৰী খুলি প্ৰশংসা বুটলিছে এগৰাকী লোকে

December 19, 2019 8:55 pm · এন ই নাও নিউজ
তামিলনাডুত নিজৰ চেলুনত লাইব্ৰেৰী খুলিছে এইগৰাকী লোকে।

আজিৰ বিশ্বত এনে বহু লোক আছে যিয়ে নিজৰ বৃত্তিৰ লগত জড়িত থাকিয়ে কিছু ব্যতিক্ৰমী চিন্তা ৰূপায়ন কৰাৰ প্ৰয়াস কৰি আহিছে। এনেকুৱা ব্যতিক্ৰমী চিন্তা তথা কাৰ্যৰ বাবে এনে লোকে সৰ্বস্তৰৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

তামিলনাডু এখন চহৰৰ ফটো এখন ছচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ইয়াত দেখা গৈছে যে এজন লোকে তেওঁৰ চেলুনত টিভি লগোৱাৰ পৰিৱৰ্তে ১৫০০ কিতাপ থকা এটা লাইব্ৰেৰী সজাই ৰাখিছে।

তেওঁ চেলুনত এইদৰে লাইব্ৰেৰী এটা খুলি ৰাখিছে যাতে নিজৰ পাল অহালৈকে ৰখি থকাৰ সময়খিনিত লোকসকলে কিতাপ পঢ়িব পাৰে।

এয়া সঁচাকৈয়ে এক অনুপ্ৰেৰণামূলক কাহিনী হিচাপে বিবেচিত হৈছে।

সাধাৰণতে লোকে নিজৰ চেলুনত তেওঁলোকৰ গ্ৰাহকক আকৰ্ষিত কৰি তুলিবলৈ তথা চেলুনত বহি অপেক্ষা কৰিবলগীয় সময়খিনি আমনি নলগাকৈ পাৰ কৰাবলৈ  টিভি লগায় বা বাতৰিকাকত ৰাখে।

পিচে, তামিলনাডুৰ এইগৰাকী চেলুনৰ গৰাকীয়ে নিজৰ চেলুনত এটা সুন্দৰ লাইব্ৰেৰী সজাই ৰাখিছে।

স্বাভাৱিকতে পৰিশীলিত মনৰ গ্ৰাহকসকলে ইয়ালৈ দাড়ি-চুলি কটাবলৈ আহি নিজৰ অপেক্ষাৰ সময়খিনি কিতাপ পঢ়ি কটাইছে।

Related News