NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ ওচৰৰ ৰজাজানবস্তিত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 17, 2025 9:58 am

কলিয়াবৰৰ ওচৰৰ ৰঙাজানবস্তিত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। লোকজনৰ নাম নাম হীৰালাল চাওতাল।

কাজিৰঙাৰ ঠিক কাষতে থকা অঞ্চলটোত দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে আক্ৰমণ কৰাৰ ঘটনাটো সংঘটিত হয়।

শুই থকা অৱস্থাত ব্যক্তিজনৰ কেঁচা ঘৰটো ধ্বংস কৰাৰ লগতে তেওঁকো আক্ৰমণ কৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তাত হীৰালালক মৃত ঘোষণা কৰে।

মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাত কথমপি ৰক্ষা পৰে তেওঁৰ পত্নী আৰু সন্তান।

বন বিভাগৰ কৰ্মচাৰীসকল ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোৰ ওচৰতো গৈ উপস্থিত হয়।