NORTHEAST NOW (Assamese)
অসম

নিৰাপত্তা নিশ্চিত কৰিবলৈ ইউক্ৰেইনত ব্ৰিটেইনৰ সেনা নিয়োগ কৰিবলৈ সাজু কেইৰ ষ্টাৰমাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 17, 2025 10:39 am

ব্ৰিটেইনে নিৰাপত্তা নিশ্চিত কৰিবলৈ ইউক্ৰেইনলৈ ব্ৰিটিছ সৈন্য প্ৰেৰণ কৰিব বিচাৰিছে। শান্তি চুক্তিৰ অংশ হিচাপে ইউক্ৰেইনত নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে তাত ব্ৰিটিছ সৈন্য নিয়োগ কৰিবলৈ সাজু বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে কয় যে যদি আমি ভৱিষ্যতে পুটিনক অধিক আগ্ৰাসনৰ পৰা বিৰত ৰাখিব বিচাৰো, তেন্তে ইউক্ৰেইনত স্থায়ী শান্তি নিশ্চিত কৰাটো অৱশ্যেই “অতি গুৰুত্বপূৰ্ণ”।

সোমবাৰে পেৰিছত ইউৰোপীয় নেতাসকলৰ সৈতে এখন জৰুৰীকালীন সন্মিলনত যোগদান কৰাৰ পূৰ্বে কেইৰ ষ্টাৰমাৰে কয় যে ব্ৰিটেইনে ইউক্ৰেইনৰ নিৰাপত্তা নিশ্চিত কৰাত প্ৰয়োজন হ’লে “আমাৰ নিজৰ সৈন্য নিয়োগ কৰাৰ জৰিয়তে” অৰিহণা যোগাবলৈ সাজু।

টেলিগ্ৰাফত তেওঁ লিখিছে, ‘মই এই কথা পাতলভাৱে কোৱা নাই।‘ তেওঁ লগতে লিখিছে, ‘ব্ৰিটিছ সৈন্যক বিপদৰ মাজলৈ পঠোৱাৰ দায়িত্ব মই সম্পূৰ্ণৰূপে বুজি পাওঁ আৰু গভীৰভাৱে অনুভৱ কৰোঁ। কিন্তু ইউক্ৰেইনৰ নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত যিকোনো ভূমিকা গ্ৰহণ কৰাৰ অৰ্থ হ’ল আমাৰ মহাদেশৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে আমাৰ দেশৰ নিৰাপত্তা নিশ্চিত কৰা।’

তেওঁ কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পৰাটো কেৱল পুটিনৰ পৰৱৰ্তী আক্ৰমণৰ বাবে সাময়িক বিৰতি হ’ব নালাগে।

ইউক্ৰেইনৰ নিয়ন্ত্ৰিত আৰু ৰাছিয়াৰ নিয়ন্ত্ৰিত অঞ্চলৰ সীমান্তত ব্ৰিটেইনৰ সৈন্যৰ লগতে ইউৰোপৰ অন্যান্য দেশৰ সৈন্যও নিয়োগ কৰিব পৰা যাব।

ব্ৰিটিছ সেনাবাহিনীৰ প্ৰাক্তন মুৰব্বী লৰ্ড ডেনাটে কয় যে ব্ৰিটেইনৰ সেনা ইমানেই দুৰ্বল হৈ পৰিছে যে ইউক্ৰেইনত ভৱিষ্যতে শান্তিৰক্ষা অভিযানৰ নেতৃত্ব দিব নোৱাৰিব। তেনে সময়তে কেয়াৰ ষ্টাৰমাৰে এই ঘোষণা কৰিছে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে মাত্ৰ ইংগিত দিছিল যে যুদ্ধবিৰতিৰ পিছত ইউক্ৰেইনৰ নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত ব্ৰিটিছ সেনা জড়িত হ’ব পাৰে।