NORTHEAST NOW (Assamese)

নৃশংস! : বোৱাৰীয়েক আৰু দুবছৰীয়া নাতিনীয়েকক হত্যা কৰি নিজেও আত্মহত্যা কৰিলে এজন লোকে

August 16, 2020 6:56 pm · ডামিয়েন লেপছা
Updated: August 16, 2020 7:46 pm
প্ৰতিকী ছবি

এক লোমহৰ্ষক হত্যাকাণ্ডৰ লগতে এক আত্মহত্যাই কঁপাই গৈছে আৰুণাচল প্ৰদেশৰ লংডিং জিলা।

এগৰাকী লোকে নিজৰ বোৱাৰী আৰু দুবছৰীয়া নাতিনীয়েকক নৃশংসভাৱে হত্যা কৰি নিজেও আত্মহত্যা কৰিছে।

আৰক্ষীৰ সূত্ৰৰ মতে ইটানগৰৰ পৰা প্ৰায় ৩০৫ কিলোমিটাৰ নিলগৰ লংডিং জিলাৰ ফৰেষ্ট কলনীত সংঘটিত হৈছে এই নৃশংস কাণ্ড।

দেওবাৰে পুৱা ৮ মান বজাত লংডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনয়াক লেগুৱে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণী অনুসৰি বিপত্নীক মালেম পাঞ্চা নামৰ আফিঙত আসক্ত লোকজনে দীৰ্ঘদিন ধৰি টকাৰ বাবে নিজৰ বোৱাৰীয়েক টৈকাম পাঞ্চাক (৩০) অত্যাচাৰ কৰি আছিল।

আৰক্ষীৰ মতে ঘটনাটো সংঘটিত হোৱা দুদিন পূৰ্বেও শহুৰ আৰু বোৱাৰীয়েকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।

উক্ত কাজিয়াৰ সূত্ৰে শহুৰেকে বোৱাৰীয়েক আৰু ২ বছৰীয়া নাতিনীয়েকক ৰাতি শুই থকা অৱস্থাত চোকা অস্ত্ৰেৰে(স্থানীয় দা) কাটি হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

নিহত মালেম পাঞ্চাৰ পুত্ৰ তথা টৈকাম পাঞ্চাৰ স্বামী আচাম ৰাইফলছত কৰ্মৰত। টৈকাম পাঞ্চাই দুটি সন্তান আৰু শহুৰেকৰ সৈতে লংডিঙত বাস কৰিছিল।

“ঘটনা সংক্ৰান্তত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে।” ঘটনাটোৰ সন্দৰ্ভত এইদৰে কয় তদন্তকাৰী আৰক্ষী বিষয়া তথা লংডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনয়াক লেগুৱে।

Related News