NORTHEAST NOW (Assamese)

জঘন্য! প্ৰেয়সীৰ প্ৰাণ লৈ মৃতদেহৰ ছবি ষ্টেটাছত লগালে প্ৰেমিকে

December 2, 2023 9:31 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 3, 2023 3:58 pm
অভিযুক্ত আছিক

এক জঘন্য কাণ্ডই লজ্জানত কৰিছে মানৱ সমাজক। নিজ প্ৰেয়সীক হত্যা কৰি এজন যুৱকে প্ৰেমিকাৰ প্ৰাণহীন দেহৰ ফটো তুলি এই ফটো পোষ্ট কৰিছে হোৱাটছ্এপৰ ষ্টেটাছ হিচাপে। এই পাশৱিক ঘটনা সংঘটিত হৈছে চেন্নাইত।

আৰক্ষীয়ে সদৰী কৰা মতে, চেন্নাইৰ এখন হোটেলত সংঘটিত হৈছে এই হত্যাকাণ্ড। নিহত ২০ বছৰীয়া যুৱতীগৰাকী এগৰাকী নাৰ্চিং ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে। আনহাতে অভিযুক্ত যুৱকজনক আছিক বুলি চিনাক্ত কৰা হৈছে।

অভিযুক্ত আছিকৰ হোৱাটছএপ ষ্টেটাছত বন্ধুবৰ্গই মৃতদেহৰ ছবিখন দেখিবলৈ পোৱাৰ পিছতে এই হত্যাকাণ্ড পোহৰলৈ আহে। এই বিষয়ে আৰক্ষীক অৱগত কৰাৰ পিছতে আৰক্ষীয়ে হোটেলৰ কোঠা এটাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

নিহত যুৱতীগৰাকী দ্বিতীয় বৰ্ষৰ নাৰ্চিং ছাত্ৰী আছিল আৰু অভিযুক্ত আছিকৰ সৈতে পাঁচ বছৰ ধৰি সম্পৰ্কত আছিল। শেহতীয়াকৈ চহৰখনতে এটা কোঠা ভাড়াত লৈ দুয়ো একেলগে থাকিছিল।

তিনিদিন কলেজৰ শ্ৰেণীত উপস্থিত নথকাৰ পাছত যুৱতীগৰাকীৰ বন্ধুবৰ্গই এই বিষয়ে আলোচনা কৰে আৰু প্ৰেমিক আছিক চেন্নাইত উপস্থিত হৈ যুৱতীগৰাকীক এখন হোটেলৰ ৰুমলৈ লগত লৈ যোৱা বুলি জানিব পাৰে।

পিছত যুৱতীগৰাকীৰ মৃতদেহৰ ছবি আছিকৰ হোৱাটছএপ ষ্টেটাছত দেখা পাই তেওঁলোক হতভম্ব হৈ পৰে। চেন্নাই আৰক্ষীয়ে অনুসন্ধান চলাই মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছিকক গ্ৰেপ্তাৰ কৰে।

জেৰাৰ সময়ত অভিযুক্তই অপৰাধ সংঘটিত কৰা বুলি স্বীকাৰ কৰে। আছিকে উল্লেখ কৰা মতে, যুৱতীগৰাকীয়ে তেওঁক আন এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰাৰ বাবে তেওঁলোকৰ মাজত কাজিয়া হৈছিল।

এই কাজিয়াৰ ফলত উত্তেজিত হৈ আছিকে এটা চোলাৰে যুৱতীগৰাকীক ডিঙি চেপি হত্যা কৰে। আৰক্ষীয়ে সদৰী কৰা মতে, দুয়োৰে এটি সন্তানো জন্ম হৈছিল। অৱশ্যে এই সন্তানটি কোনো লোকক দত্তক লোৱাৰ বাবে দিছিল দুয়ো।

Related News