NORTHEAST NOW (Assamese)

ভাগ্যই দিলে সঁহাৰি! ৪.৫৭ কেৰেটৰ হীৰা খোদন কৰি উলিয়ালে এজন লোকে

February 10, 2022 6:20 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 10, 2022 6:21 pm

মানুহৰ ভাগ্যই কেতিয়া কোনফালে ধাল খাই সেয়া পূৰ্বানুমান কৰা কঠিন। এই ভাগ্যৰ বলতে এজন ব্যক্তিয়ে লাভ কৰিলে মূল্যৱান সম্পদ।

মধ্য প্ৰদেশৰ বিশ্ববিখ্যাত পান্না খনিৰ এটা অগভীৰ খনিত ৪.৫৭ কেৰেট হীৰা খোদন কৰি উলিয়ালে এজন লোকে।

উত্তৰ প্ৰদেশৰ বাসিন্দা ৰাণা প্ৰতাপ সিঙে চলিত সপ্তাহৰ আৰম্ভণিতে ভৰ্খা অঞ্চলত শিলটো লক্ষ্য কৰিছিল।

সিঙে ভৰ্খা অঞ্চলত হীৰা খনি কৰিবলৈ এটা অগভীৰ খনি লীজত লৈছিল। ভাগ্যই তেওঁৰ ওপৰত কৰিলে পুষ্পবৃষ্টি। খনিটো খোদন কৰি তেওঁ ৪.৫৭ কেৰেট ওজনৰ এটা মূল্যৱান শিল বিচাৰি পাইছিল।

হীৰাডোখৰৰ মূল্য প্ৰায় ১০ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।

২৪ ফেব্ৰুৱাৰীত এই হীৰাডোখৰ নিলাম কৰা হ’ব আৰু ১১.৫ শতাংশ ৰয়েলটি কৰ্তন কৰাৰ পিছত এই ধনৰাশি খোদন কৰা ব্যক্তিজনক দিয়া হ’ব বুলি হীৰা পৰিদৰ্শক অনুপম সিঙে কয়।

Related News