NORTHEAST NOW (Assamese)

প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ দিবলৈ ১০০ ডাল মমেৰে আলোকসজ্জা,জ্বলি নিঃশেষ সপোনৰ ঘৰ

August 6, 2020 6:02 pm · এন ই নাও নিউজ

প্ৰেমত ঘূৰিছে ভূমণ্ডল,প্ৰেমত ফুলিছে শতদল…প্ৰেমৰ বাবেই মানুহে কত’ যে কি নকৰে।

প্ৰেমিকাৰ বাবে দুৰ্দান্ত প্ৰেমিকে আকাশৰ জোনটোকো আজুৰি অনাৰ সপোন দেখে। আমাৰ এই খবৰৰ নায়কে পিছে আকাশৰ জোন-তৰা আনিবলৈ যোৱা নাছিল।

তেওঁ মাত্ৰ তেওঁৰ প্ৰেমিকাক অলপ বেলেগ ধৰণে বিয়াৰ প্ৰস্তাৱ আগবঢ়াব বিচাৰিছিল।

ইংলেণ্ডৰ দুৰ্দান্ত প্ৰেমিক এলবাৰ্ট নদ্ৰে। শ্বেফিল্ডৰ বাসিন্দা এলবাৰ্টে পৰিকল্পনা কৰিলে তেওঁৰ প্ৰেমিকাক ৰং-বিৰঙৰ আলোক সজ্জাৰ মাজত বিয়াৰ প্ৰস্তাৱ দিব।

ভবা মতেই কাম।যুৱক জনে ৰং-বিৰঙৰ আলোক সজ্জাৰে সজালে ঘৰ,জ্বলালে ১০০ ডাল মমবাতি।

এই সকলো কৰি উঠি তেওঁ গ’ল প্ৰেমিকাই কাম কৰা কাৰ্যালয়লৈ।

উদ্দেশ্য প্ৰেমিকাক ঘৰলৈ লৈ অহা।

এটা সময়ত প্ৰেমিক-প্ৰেমিকা আহি ঘৰ পালেহি। কিন্তু এয়া কি!

ঘৰ বুলিবলৈ দেখোন একোৱেই নাই। ঘৰৰ নামত পৰি ৰৈছে কেৱল ছাঁইৰ দম। প্ৰেমিকাক চমকিত কৰিবলৈ প্ৰেমিক এলবাৰ্টে জ্বলাই থৈ যোৱা মমৰ পৰাই সংঘটিত হ’ল লংকা কাণ্ড।

লগে লগে অগ্নি নিৰ্বাপক বাহিনী আহিল জুই নুমুৱাবলৈ।

জুই নুমাল। প্ৰেমিকৰ মনত জ্বলি ছকা জুইকুৰাও নিৰ্বাপিত কৰিলে প্ৰেমিকাই। প্ৰেমিক এলবাৰ্টৰ প্ৰস্তাৱ মানি লৈ প্ৰেমিকাই দিলে বিবাহত সন্মতি।

Related News