NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত নাহৰফুটুকী বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 1, 2020 8:56 pm

লকডাউনৰ মাজতে শুক্ৰবাৰে গোলাঘাট জিলাৰ মৰঙিৰ ঢলাগুৰি চাহ বাগিচাত নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত হয় এজন লোক ৷

শ্ৰমিক দিৱসৰ বাবে চাহ বাগিচাৰ কাম-কাজ বন্ধ থকাত ঢলাগুৰি চাহ বাগিচাৰ অনুপ কাৰোৱা নামৰ লোকজনে আন দুজন লোকৰ সৈতে কচুশাক বুটলিবলৈ বুলি বাগিচালৈ গৈছিল ৷ বাগিচাত কচুশাক বুটলি থাকোতেই এটা নাহৰফুটুকী বাঘে ব্যক্তি কেইজনৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলায়।

বাঘৰ আক্ৰমণৰ পৰা বাকী দুজন ব্যক্তি পলায় সাৰে যদিও অনুপ কাৰোৱাক নাহৰফুটুকী বাঘটোয়ে আক্ৰমণ কৰাত তেওঁ গুৰুতৰভাৱে আহত হয়। নাহৰফুটুকীটোৱে ব্যক্তিজনৰ বুকুত আঘাত কৰে।

ইফালে ঘটনাৰ পাচতেই অঞ্চলটোৰ এচাম লোকে নাহৰফুটুকীটোক মাৰিবলৈ হাতত দা-কুঠাৰ লৈ ওলাই আহে। পিছত আহত লোকজনক চিকিৎসাৰ বাবে গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় আৰু তেওঁক সম্প্ৰতি চিকিৎসা কৰি থকা হৈছে।