NORTHEAST NOW (Assamese)
Popular Stories

পাকিস্তানৰ মাৰ্বল শিলৰ খনিত ভয়াৱহ দুৰ্ঘটনা : ২২ জন শ্ৰমিক নিহত, বহু শ্ৰমিক আৱদ্ধ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 9, 2020 6:58 pm
index.jpg

পাকিস্তানৰ এটা মাৰ্বল শিলৰ খনিত সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা।

সোমবাৰে ৰাতি আফগানিস্তান সীমান্তৰ অঞ্চলৰ খাইৱাৰ পখতুনখোৱা ৰাজ্যৰ পাৰ্বত্য জিলাৰ এটা মাৰ্বল খনিত শ্ৰমিকৰ ওপৰত মাৰ্বলৰ খণ্ড খহি পৰাত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো।

এই দুর্ঘটনাটোত মুঠ ২২ গৰাকী শ্ৰমিকৰ মৃত্যু ঘটিছে। আৰু ২০ জনৰো অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে।

“মাৰ্বল শিলৰ খনিত ঘটা দুৰ্ঘটনাত এই পৰ্যন্ত ২২ জন লোকৰ মৃত্যু হৈছে। ঘটনাস্থলীত ততালিকে ১২ জন শ্ৰমিকৰ আৰু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ১০ জনৰ মৃত্যু ঘটিছে।” পাকিস্তানৰ খনিজ সম্পদ মন্ত্ৰী মহম্মদ আৰিফে কয়।

ইফালে ধ্বংসস্তূপত বহু শ্ৰমিক আৱদ্ধ হৈ আছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰো আশংকা কৰিছে স্থানীয় প্ৰশাসনে।

প্ৰতিকূল বতৰৰ বাবে ধ্বংসস্তূপত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কাৰ্যত সমস্যাৰ সৃষ্টি হৈছে বুলি প্ৰকাশ কৰিছে প্ৰশাসনে।

ইফালে খনিজ সম্পদ মন্ত্ৰী গৰাকীৰ মতে খনিটোৰ ধ্বংসস্তূপত অন্ততঃ ২০ জন শ্ৰমিক আৱদ্ধ হৈ আছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১১ চনত পাকিস্তানৰ বেলুচিস্তানৰ এটা কয়লা খনিত সংঘটিত বিস্ফোৰণত ৪৩ জন লোকৰ মৃত্যু হৈছিল।