NORTHEAST NOW (Assamese)
Popular Stories

পথত তৰোৱালেৰে জন্মদিনৰ কেক্ কাটি ৰঙাঘৰৰ আলহী হ’ল দুই যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 6, 2022 6:14 pm
Sword

নিজা চখ পূৰণৰ আকাঙ্খা সকলো ব্যক্তিৰে থাকে। পিছে এই চখ পূৰণৰ ক্ষেত্ৰত কেতিয়াবা সাৱধান হোৱা উচিত। নহ’লে ৰঙাঘৰৰ আলহী হ’ব পাৰে আপুনিও।

এই চখ পূৰণৰ বাবেই আজি মুম্বাইত গ্ৰেপ্তাৰ হ’ল দুজন যুৱক।

মুম্বাইৰ এটা ৰাস্তাত জন্মদিন উদযাপন কৰি তৰোৱালেৰে কেক কটাৰ বাবে আৰক্ষীয়ে এই যুৱক দুজনক গ্ৰেপ্তাৰ কৰিছে।

সোমবাৰে উপনগৰীয় কান্দিভালীৰ এটা মলৰ ওচৰত যুৱক দুজনে এইদৰে জন্মদিন উদযাপন কৰা হৈছিল বুলি এজন স্থানীয় আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছিল আৰু এই ভিডিঅ’টোত কিছু লোকক ৰাস্তাত জন্মদিন উদযাপনত ব্যস্ত থকা দেখা গৈছিল আৰু এজন ব্যক্তিয়ে তৰোৱালেৰে কেক কাটিছিল।

আৰক্ষীয়ে বুধবাৰে ঘটনা সন্দৰ্ভত চিলাম সুব্ৰমণ্যম (২২) আৰু কৌছাৰ খান (২৩) নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে।

তেওঁলোকৰ বিৰুদ্ধে ক’ভিদ-১৯ প্ৰটোকল উলংঘা কৰাৰ বাবে আৰু অস্ত্ৰ আইনৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে।