NORTHEAST NOW (Assamese)

৪ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

October 2, 2019 10:21 am · এন ই নাও নিউজ
Updated: October 2, 2019 10:28 am
মানাহ ৰাষ্ট্ৰীয় উদ্যান

বাৰিষা কাল সমাপ্তিৰ পাছত ৪ অক্টোবৰৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হ’ব বাঘৰ বাবে বিখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যান।

মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা এখন জাননীযোগে এই কথা ৰাজহুৱা কৰা হয়।

উল্লেখযোগ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানত এক অক্টোবৰৰ পৰা সাত অক্টোবৰলৈ চলি থকা ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ ৪ অক্টোবৰৰ দিনটোতে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ’ব।

চলিত বৰ্ষৰ ১৫ জুনৰ পৰা বাৰিষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকসকলৰ বাবে বন্ধ কৰি ৰখা হৈছিল।

৪ অক্টোবৰত ৰাতিপুৱা বিটিচিৰ উপ মুখ্য কাৰ্য্যবাহী খাম্পা বৰগয়াৰীয়ে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটক সকলৰ বাবে মুকলি কৰিব বুলি জানিব পৰা গৈছে।

২০১৮-১৯ বিত্তীয় বৰ্ষত ৪২,৩২৯ গৰাকী দেশীয় আৰু ৬৫৮ গৰাকী বিদেশী পৰ্যটকে মানাহ ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ বাবে আহিছিল।

Related News