NORTHEAST NOW (Assamese)

ৰবীন্দ্ৰভৱনত মঞ্চস্থ হ’ল মানিক ৰয়ৰ নাটক “মেজিক ষ্টিক”

January 29, 2021 2:20 pm · এন ই নাও নিউজ
Updated: January 29, 2021 2:28 pm

১৯৯৮ চনত স্থাপন হোৱা গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত গুৱাহাটীৰ ৰবীন্দ্ৰভৱনত আজি বিয়লি ৩:৪৫ আৰু সন্ধিয়া ৬:৩০ বজাত মানিক ৰয়ৰ পৰিকল্পনা আৰু পৰিচালনাত দুবাৰকৈ মঞ্চস্থ হয় “মেজিক ষ্টিক” শীৰ্ষক শিশু নাটখন৷

শিশু নাটকৰ ধাৰাক এক উন্নত পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যেৰে বিষ্ণু- নিৰ্মলা ভৱনস্থিত গুৱাহাটী শিশু নাট্য বিদ্যালয়ে নানান ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷

শিশুৰ সৃজনশীল মনটোক বিভিন্ন ধৰণেৰে ভৰণ-পোষণ দিয়াৰ লগতে অভিনয় প্ৰশিক্ষণৰ উপৰিও শিশুৰ শাৰীৰিক,মানসিক আৰু ব্যক্তিত্বৰ বিকাশত গুৰুত্ব দি অহা বিদ্যালয়খনৰ আজিৰ নিবেদন “মেজিক ষ্টিক” নাটখনত পৰিচালক তথা নাট্যপৰিকল্পক মানিক ৰয়ে শিশু সমাজত প্ৰচলিত তিনিটা পৃথিৱী বিখ্যাত সাধু ‘সিংহ আৰু নিগনি’,’শহা আৰু কাছ’,’বুধিয়ক কাউৰী’ৰ সংমিশ্ৰণ কৰি নাটকীয় ৰূপ দিয়াৰ চেষ্টা কৰিছে৷

নাটকীয় কাহিনী, চৰিত্ৰ ,সংলাপ সংযোজন কৰি দৰ্শকৰ বাবে বিশেষকৈ শিশুসকলৰ বাবে আগবঢ়োৱা মেজিক ষ্টিক নাটখনত বিজিত কুমাৰ দাস,আফতাব আহমেদ,সৃষ্টি শৰ্মা,চিন্ময় কৃষ্ণ সন্দিকৈ,ৰশ্মি ৰেখা শৰ্মা,বিৰিঞ্চি বড়া,অনিশা দত্ত,হাচান চাহনোৱাজ ইছলাম,নিকিতা শৰ্মা,পাৰ্থপ্ৰতীম বৰুৱা,জিতেন চুতিয়া,ওম কাশ্যপ,নিশাংকিতা শৰ্মা,সমীৰণ দাস,জিষ্ণু প্ৰতীম বৰুৱা,ধৃতিক ৰাজ ডেকা আদিয়ে সুঅভিনয় কৰে৷

আৰ্চদ এ ৰহমান আৰু লেনিন বৰাৰ সংগীত,মৌমিতা শইকীয়াৰ ৰূপসজ্জা,প্ৰদীপ ৰয়ৰ মঞ্চসজ্জা,ডিম্পল দাসৰ পোহৰ,ৰেখা দাসৰ সাজসজ্জাৰ মেজিক ষ্টিক নাটখনৰ প্ৰযোজনা আছিল গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ৷

Related News