NORTHEAST NOW (Assamese)

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! মুখ্যমন্ত্রীৰ ঘৰত উন্মত্ত জনতাৰ আক্ৰমণ, বন্ধ কৰা হৈছে ইন্টাৰনেট সেৱা

November 17, 2024 9:16 am · এন ই নাও নিউজ, গুৱাহাটী

পুনৰ অগ্নিগৰ্ভ হৈ পৰিছে মণিপুৰ। শনিবাৰে নিশা বাঢ়ি অহাৰ সময়তে উত্তেজনাও বিয়পি পৰে। মুখ্যমন্ত্রীৰ পৈতৃক ঘৰত জনতাই আক্রমণ কৰে৷ বিজেপি শাসিত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং। তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে ভুৱা এনকাউণ্টাৰত শীতল মস্তিষ্কৰে ১১ জন যুৱকক হত্যা কৰা হৈছে।

চি আৰ পি এফ আৰু মণিপুৰ আৰক্ষীয়ে দাবী কৰিছে যে নিহত আটাইকেইজন কুকি উগ্ৰপন্থীৰ সদস্য। অৱশ্যে চৰকাৰে ভুৱা সংঘৰ্ষৰ সৃষ্টি কৰা বুলি দাবী কৰে কুকি গোষ্ঠীয়ে।

শনিবাৰে (১৬ নৱেম্বৰ) মৃত লোককেইজনৰ মৃতদেহ আত্মীয়ৰ হাতত গতাই দিয়া হয়। ৰাজ্যখনৰ জিৰিবামত যোৱা ১১ নৱেম্বৰত এই ১১ জন নিহত হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ অন্তত শনিবাৰে শিলচৰৰ পৰা মণিপুৰলৈ অনা হৈছিল মৃতদেহ। ইয়াৰ পিছতে পুনৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হয় মণিপুৰত। মুখ্যমন্ত্ৰীৰ পৈতৃক ঘৰত সংঘটিত আক্ৰমণৰ সৈতে জড়িত প্ৰতিবাদকাৰীসকলে দাবী কৰে ঘটনাৰ উচিত তদন্তৰ প্ৰয়োজন।

লগতে পঢ়কঃ মণিপুৰৰ জিৰিবামত পুনৰ উত্তেজনা; উদ্ধাৰ হৈছে সন্ধানহীন দুই শিশু আৰু এগৰাকী মহিলাৰ মৃতদেহ

জিৰিবাম জিলাৰ বকোবেৰা অঞ্চলৰ মেইটেই সম্প্ৰদায়ৰ তিনিগৰাকী মহিলা আৰু তিনিটা শিশু, যাৰ ভিতৰত এগৰাকী আছিল মাত্ৰ আঠ মহীয়া শিশু, কুকি বিদ্ৰোহীয়ে অপহৰণ কৰে। এটা দলে চি আৰ পি এফৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ বিপৰীতে আনটো দলে মহিলা আৰু শিশুক অপহৰণ কৰে। পিছত অপহৃত ছয়জনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। নিহত এই ছয়জন লোকৰ মৃতদেহক কেন্দ্ৰ কৰিও প্ৰতিবাদ চৰম পৰ্যায়ত উপনীত হৈছে।

বিজেপি শাসিত কেইবাজনো বিধায়কৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে। বিৰোধী কংগ্ৰেছৰ কটাক্ষ যে ৰাজ্যত শান্তি ঘূৰি আহিছে বুলি দাবী কৰিও কিয় অহা নাই প্ৰধানমন্ত্ৰী মোডী? মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘাত এবছৰৰো অধিক সময় ধৰি চলি আছে । হিন্দু মেইটেই সংখ্যাগৰিষ্ঠ আৰু খ্ৰীষ্টান কুকি সম্প্ৰদায়ৰ এই সংঘাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ মাজত বিভাজনৰ সৃষ্টি হৈছে। শতাধিক লোকৰ মৃত্যু হৈছে।

লগতে পঢ়কঃসুখবৰ! ২০২৪-২৫ বিত্তীয় বৰ্ষত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অসমৰ চাহ বিক্ৰী ২,৮০০ কোটিলৈ বৃদ্ধি

হিংসাত্মক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইম্ফল পশ্চিম জিলা প্ৰশাসনে অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰিছে। ইম্ফল ইষ্ট, বিষ্ণুপুৰ, থৌবাল, কাকচিং, কাংপোকপি আৰু চুৰাচান্দপুৰ জিলাত দুদিনৰ বাবে ইণ্টাৰনেট আৰু মোবাইল সেৱা বন্ধ কৰি দিয়া হৈছে।

Related News