NORTHEAST NOW (Assamese)

মণিপুৰৰ ক’ৰ’না ভাইৰাছ আক্ৰান্ত যুৱতীগৰাকীৰ সহযাত্ৰীসকলৰ সন্ধান লাভ

March 24, 2020 9:16 pm · এন ই নাও নিউজ
Updated: March 25, 2020 1:58 pm
প্ৰতিনিধিত্বমূলক ছবি

মণিপুৰৰ এগৰাকী ২৩ বছৰীয়া যুৱতীৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা পিছতে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ গোটেই ৰাজ্যসমূহতে আতংকই বিৰাজ কৰা পৰলিক্ষিত হৈছে।

যুৱতীগৰাকী শৰীৰত মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰা লগে লগে যুৱতী গৰাকীৰ সংস্পৰ্শলৈ অহা লোকসকলৰ সন্ধান আৰম্ভ কৰা হয়।

ত্ৰিপুৰাত যুৱতী গৰাকীৰ সংস্পৰ্শলৈ অহা ১১ গৰাকী লোকক ইতিমধ্যে চিনাক্ত কৰা হৈছে।

ক’ৰ’নাক্ৰান্ত যুৱতী গৰাকীয়ে ইউনাইটেড কিংডমৰ ভ্ৰমণ সামৰি দিল্লীৰ পৰা যোৱা ২১ মাৰ্চত ত্ৰিপুৰাৰ এমবিবি বিমানবন্দৰ হৈ গৃহ ৰাজ্য মণিপুৰলৈ গৈছিল। ভাৰতীয় বিমান প্ৰাধিকৰণৰ কৰ্তৃপক্ষৰ এক সূত্ৰই প্ৰকাশ কৰিছে এই কথা।

‘যুৱতী গৰাকীয়ে ত্ৰিপুৰাত বিমানৰ পৰা নমা নাছিল কিন্তু উক্ত বিমানখনত তাইৰ লগত কিছুমান সহযাত্ৰী আছিল যিসকল যাত্ৰীয়ে দিল্লীৰ পৰা কলকতা হৈ ত্ৰিপুৰা আৰু মণিপুৰলৈ গৈছিল। আমি যাত্ৰীসকলৰ নম্বৰৰ সৈতে সকলো তথ্য ইতিমধ্যে স্বাস্থ্য বিভাগলৈ প্ৰেৰণ কৰিছো।’ ভাৰতীয়  বিমান প্ৰাধিকৰণৰ সূত্ৰই এইদৰে কয়।

ৰাজ্যিক ক’ৰ’না ভাইৰাছ নডেল বিষয়া ডাঃ দ্বীপ দেৱবৰ্মনে কয়, ‘আমি ইতিমধ্যে যাত্ৰীসকলৰ ভিতৰৰ ১১ গৰাকী যাত্ৰীক চিনাক্ত কৰি তেওঁলোকৰ সৈতে যোগাযোগ কৰিছো। তাইৰ সহযাত্ৰীসকলক বিভাগীয়ভাৱে সন্ধান কৰি তেওঁলোকক নিৰীক্ষণ কৰি থকা হৈছে। আশা কৰো কাইলৈ ভিতৰতে তেওঁলোকৰ ৰিপ’ৰ্টসমূহ লাভ কৰিম।’

তেওঁ লগতে আৰু কয় যে তেওঁলোকৰ সকলোকে চিকিৎসালয় কোৱাৰেণ্টাইন কৰা হৈছে।

Related News