NORTHEAST NOW (Assamese)
অসম

মণিপুৰত বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা এন বীৰেন সিং বিজয়ী, লাইভ আপডেট

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 10, 2022 12:42 pm

মণিপুৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা এন বীৰেন সিঙে কংগ্ৰেছৰ পি শৰৎচন্দ্ৰৰ বিৰুদ্ধে হেইংগাং আসনত প্ৰায় ১৮,০০০ ভোটত জয়ী হৈছে।

মণিপুৰত ভোট গণনাৰ প্ৰাৰম্ভিক পৰ্যায়ত বিজেপিয়ে ৩০ খন আসনত আৰু কংগ্ৰেছ ছয়টা সমষ্টিত আগবাঢ়ি আছে।

মণিপুৰৰ ৬০ খন বিধানসভা আসনৰ ভোটগণনা বৃহস্পতিবাৰে পুৱা ৮ বজাত কঠোৰ নিৰাপত্তার মাজেৰেআেৰম্ভ হয়।
এক্সিট প’লে ভৱিষ্যতবাণী কৰা অনুসৰি ৰাজ্য খনত বিজেপিয়ে একক সৰ্ববৃহৎ দল হিচাবে পৰিগণিচত হ’ব।
এনপিএফ আগবাঢ়ি থকা আসনসমূহ হ’ল – মাও, ফুংগিয়াৰ, টেংনুপাল, উখৰুল।

মণিপুৰৰ কাংপোকপি জিলাৰ চাইকুলৰ পৰা কেপিএৰ কিমনিঅ হাওকিপ হেংছিং আগবাঢ়ি আছে।

যদি বিজেপি বা কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ নকৰে তেন্তে  এনপিপি আৰু এনপিএফে কিংমেকাৰ হ’ব পাৰে বুলি বহুতে মন্তব্য কৰিছে।

নিৰ্বাচনৰ লাইভ আপডেটপাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল লাইভ

মণিপুৰত ভোট গণনাৰ প্ৰাৰম্ভিক পৰ্যায়ত বিজেপি ১১ খন আসনত আৰু কংগ্ৰেছ সাতটা সমষ্টিত আগবাঢ়ি আছিল।
সংশ্লিষ্ট দলবোৰে আগবাঢ়ি থকা সমষ্টিবোৰ হ’ল—

বিজেপি – খুৰাই, হেইৰোক, চান্দেল, হেইংগাং, ফুংগিয়াৰ, চাগোলবান্দ, থাংগা, কাংপোকপাই, লিলং, নামবোল আদি
জেডি(ইউ) – থাংমেইবান্দ, চেকমাই আদি।

কংগ্ৰেছ – থৌবাল, ৱাবগাই, লাংথাবাল, খাংগাবোক, খুন্দ্ৰাকপাম আদি।

এনপিপি – চিঙ্গাই, ৱাংগোই আদি।