NORTHEAST NOW (Assamese)
দেশ

পঞ্জাৱত ঝাৰুৰ চাফাই অভিযান! চৰকাৰ গঠনৰ দিশে আম আদমী পাৰ্টী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 10, 2022 12:17 pm
Punjab assembly elections

প্ৰতিশ্ৰুতিৰ ৰাজনীতিৰ পৰিৱৰ্তে কৰ্মমুখী ৰাজনীতিৰ সোৱাদ ল’ব সাজু হৈছে পঞ্জাৱ। দিল্লীত কৰ্মময় ৰাজনীতিৰে দেশবাসীক আকৃষ্ট কৰাৰ পিছত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টী (আপ)ক পঞ্জাৱেও আদৰি ল’বলৈ সাজু হৈছে।

আজি ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাত বৰ্তমানলৈকে এক্সিট প’লৰ সমীক্ষা সঠিক প্ৰমাণিত কৰি আপ- এ অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে।

বৰ্তমানলৈকে চলি থকা ভোট গণনা অনুসৰি ১১৭ খন আসনৰ পঞ্জাৱ বিধানসভাত আপ- এ ৮৯ খন আসনত অগ্ৰগতি লাভ কৰিছে। দ্বিতীয় স্থানত থকা কংগ্ৰেছে ১২ খন আসন লাভ কৰিছে।

আনহাতে এসময়ৰ শক্তিশালী দল আকালিয়ে ১১ খন আৰু বিজেপি মিত্ৰদলে ৫ খন আসনত আগবাঢ়ি আছে।

ৰাজ্যখনত এই দৰ্শনীয় সফলতাৰ পিছত আপ- ৰ নেতা ৰাঘৱ চদ্ধাই সংবাদ মাধ্যমৰ আগত কয়, “পঞ্জাৱে কেজৰিৱালক শাসনৰ আৰ্হি গ্ৰহণ কৰিছে। পঞ্জাৱৰ সফলতাই সমগ্ৰ দেশতে আপক কংগ্ৰেছৰ বিকল্প হিচাপে প্ৰতিষ্ঠা কৰিছে।”

উল্লেখ্য যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী, পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী নৱজ্যোত সিং সিদ্ধু, শিৰোমণি অকালি দলৰ বিক্ৰম সিং মাজিথিয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পঞ্জাৱ লোক কংগ্ৰেছৰ মুৰব্বী অমৰিন্দৰ সিঙকে ধৰি বহুকেইজন হাইপ্ৰফাইল নেতা এই পৰ্যন্ত নিজ নিজ আসনত পিছ পৰি আছে।