NORTHEAST NOW (Assamese)

মণিপুৰ চৰকাৰৰ অনুমতি লাভঃ ১৪ জানুৱাৰীত পূৱ ইম্ফল জিলাৰ পৰা আৰম্ভ হ’ব ভাৰত জোড়ো ন্যায় যাত্ৰা

January 10, 2024 9:26 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ছবি

ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হ’বলগীয়া কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আৰম্ভণি স্থানৰ বাবে আজি অনুমোদন জনাইছে মণিপুৰ চৰকাৰে।

মণিপুৰ চৰকাৰে কংগ্ৰেছক পূৱ ইম্ফল জিলাৰ পৰা সীমিত সংখ্যক অংশগ্ৰহণকাৰীৰে ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰে।

ইম্ফলৰ হাপ্তা কংজেইবুং খেলপথাৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ বাবে অনুমোদন বিচাৰি আঠ দিন পূৰ্বে মণিপুৰ চৰকাৰৰ ওচৰত আবেদন জনাইছিল কংগ্ৰেছে।

কিন্তু এই সময়ছোৱাত অনুমোদন লাভ নকৰাৰ বাবে কংগ্ৰেছে অসন্তুষ্টি প্ৰকাশ কৰিছিল। সাধাৰণ সম্পাদক কে চি বেনুগোপালে সোমবাৰে এক সংবাদমেলত যাত্ৰাৰ বাবে অনুমতি লাভ কৰা নাই বুলি সদৰী কৰিছিল।

এনে অভিযোগৰ মাজতে আজি পূৱ ইম্ফল জিলা দণ্ডাধীশৰ কাৰ্যালয়ে কংগ্ৰেছক যাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰে।

প্ৰশাসনে লগতে প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণত সক্ষম হ’ব পৰাকৈ অংশগ্ৰহণকাৰীসকলৰ নম্বৰ আৰু নাম দণ্ডাধীশৰ কাৰ্যালয়ক আগতীয়াকৈ প্ৰদান কৰিব লাগিব বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে, ১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ হৈ এই ভাৰত জোড়ো ন্যায় যাত্ৰাই নাগালেণ্ড, অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়লৈ যাব আৰু ১৫খন ৰাজ্যৰ ৬৫০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি মুম্বাইত উপস্থিত হ’ব।

Related News