NORTHEAST NOW (Assamese)
মণিপুৰ

হিংসাজৰ্জৰ মণিপুৰ: তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন কেন্দ্ৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 4, 2023 6:28 pm
Manipur Violence

বিগত ৩ মে’ৰ পৰা মণিপুৰত সংঘটিত হোৱা ভয়াৱহ হিংসাত্মক পৰিস্থিতিৰ তদন্তৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে তিনিজনীয়া এখন কমিটী গঠন কৰিছে।

এই তিনিজনীয়া কমিটীৰ নেতৃত্বত থাকিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অজয় লাম্বা।

গৃহ মন্ত্ৰালয়ৰ এই পেনেলত সদস্য হিচাপে থাকিব অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া হিমাংশু শেখৰ দাস আৰু অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া আলোক প্ৰভাকৰ।

ইতিপূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ ন্যায়িক তদন্ত কৰা হ’ব বুলি ঘোষণা কৰিছিল।

উল্লেখ্য যে ৰাজ্যৰ দুটা সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষই ক্ৰমাৎ উত্তপ্ত কৰি তুলিছিল মণিপুৰ। এনে হিংসাত্মক পৰিস্থিতিৰ ফলত যোৱা ৩ মে’ৰ পৰা অশান্ত হৈ পৰিছে মণিপুৰ।

ৰাজ্যখনত সৃষ্টি হোৱা এনে হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১০০ গৰাকী লোকে প্ৰাণ হেৰুৱাওৱাৰ লগতে হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে।