NORTHEAST NOW (Assamese)
অসম

তচলিমা নাচৰিনৰ “স্তনকেইটা ডাঙৰ” বুলি মন্তব্য কৰিছিল জমেট’-কাণ্ড চৰ্চিত যুৱকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2019 5:59 pm
''You have great boobs,'' commented the man, at centre of Zomato row, on Taslima Nasreen's photo

জমেট’ৱে পঠোৱা মুছলমান ডেলিভাৰি বয়ৰ পৰা খাদ্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি চৰ্চিত হোৱা অমিত শুক্লা নামৰ লোকজনে তচলিমা নাচৰিনৰ ফট’ত বাংলা লেখিকাগৰাকীৰ “স্তনকেইটা ডাঙৰ” বুলি মন্তব্য কৰিছিল।

শুক্লাই ২০১৩ চনতে টুইটাৰ কৰা মন্তব্যৰ স্ক্ৰীনশ্বট নাচৰিনে ২ আগষ্টত একেটা চ’চিয়েল মিডিয়া প্লেটফৰ্মতে ৰাজহুৱা কৰি দিছে।

“@taslimanasreen ঠিক আছে মই ক’ম আপোনাৰ স্তনকেইটা ডাঙৰ আশা কৰো আপুনি মোৰ মন্তব্যটো ভাল পাব,” হাৰ্ভাৰ্দ বিশ্ববিদ্যালয়ৰ কেনেদি স্কুলৰ ৰিচাৰ্চ স্কলাৰ থকা অৱস্থাৰ স্মৃতিৰূপে বাংলা লেখিকাগৰাকীয়ে শ্বেয়াৰ কৰা ফট’ এখনত এয়া আছিল অমিত শুক্লাৰ মন্তব্য।

নাচৰিনৰ এই প’ষ্টৰ পিছতে বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰিছে।

অমিত শুক্লাই বোলে অভিনেত্ৰী প্ৰিয়ংকা চ’প্ৰাকো চ’চিয়েল মিডিয়াত “অশালীন মন্তব্য” কৰিছিল।

@AamiSreejita নামৰ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে: “তেওঁ প্ৰিয়ংকা চ’প্ৰাকো অশালীন মন্তব্য কৰিছিল….। আপোনাক কৰা মন্তব্য মূলতঃ নাৰীবিদ্বেষী, ধৰ্মীয় নহয়।”

অমিতৰ মন্তব্যটো শ্বেয়াৰ কৰি নাচৰিনে সুধিছিল, “তেওঁৰ মহিলাৰ প্ৰতি কোনো সন্মান নাই? নে মোক অসন্মান প্ৰদৰ্শনৰ কাৰণে তেওঁ এইটো কৰিছিল কাৰণ মই অ-হিন্দু?”

বাংলাদেশত ইছলাম মৌলবাদীৰ ফতোৱাৰ সন্মুখীন হৈ নাচৰিনে ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে।

বাতৰি মতে, জমেট’ কাণ্ডৰ পিছতে মধ্য প্ৰদেশ আৰক্ষীয়ে শুক্লাক পৰৱৰ্তী ছমাহত পুনৰ এনে কোনো “বিভাজনমূলক” মন্তব্য কৰিলে জে’লত ভৰোৱাৰ সাৱধান বাণী শুনাইছে।

লগতে পঢ়ক– শাওণ মাহত মুছলমান যুৱকে খাদ্য ডেলিভাৰী দিবলৈ অহাৰ বাবেই ওভোটাই পঠিয়ালে খাদ্য