NORTHEAST NOW (Assamese)

মণিপুৰৰ বিজেপিৰ সহযোগী সাংসদ লৰ্হো ফ’জে ক’লে-‘সংসদত মোক কথা ক’বলৈয়ে দিয়া নহ’ল’

August 13, 2023 9:44 am · এন ই নাও নিউজ, নতুন দিল্লী
মণিপুৰৰ বিজেপিৰ সহযোগী এনপিএফৰ সাংসদ লৰ্হো এছ ফ’জে। ফটো সৌজন্য: টুইটাৰ।

মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ এশ দিনতকৈও অধিক সময় পাৰ হৈ গ’ল যদিও তাত পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই৷ দিল্লীৰ ৰাজনৈতিক ক্ষমতা কেন্দ্ৰৰ পৰা আৰম্ভ কৰি মণিপুৰৰ হিংসাত্মক অঞ্চললৈ চৰকাৰ আৰু বিৰোধীৰ মাজত মাথো চলি আছে যুক্তিযুদ্ধ। তাৰমাজতে মণিপুৰ আউতাৰৰ সাংসদ লৰ্হো ফ’জে তুলিছে এক বিস্ফোৰক অভিযোগ।

মণিপুৰত বিজেপিৰ মিত্ৰ এনপিএফ অৰ্থাৎ নগা পিপলছ ফ্ৰণ্টৰ নেতা তথা সাংসদ লৰ্হো এছ ফ’জেই কয়, ‘মই সংসদত কথা ক’ব বিচাৰিছিলো যদিও সংসদত কথা কোৱাৰ সুযোগ নাপালোঁ৷ মোক কোৱা হৈছিল যে কেৱল গৃহমন্ত্ৰীয়েহে ক’ব।‘

ফ’জে কয় যে সংসদৰ প্ৰথম দিনাৰ পৰাই মই সদনত উপস্থিত আছিলো। মণিপুৰৰ হৈ ৰাহুল গান্ধীয়ে ভাল কথা ক’লে। ইয়াৰ কাৰণ হ’ল হিংসাত্মক পৰিস্থিতিৰ পিছতে তেওঁ মণিপুৰলৈ গৈ তাত থকা মানুহৰ লগত মত বিনিময় কৰিছিল, যাৰ বাবে তাত থকা মানুহৰ মাজত ব্যক্তিগত সংস্পৰ্শলৈ আহিছিল।

তেওঁ কয়, মণিপুৰ বিষয়ত মোৰ বাবে কথা কোৱাটো অতি গুৰুত্বপূৰ্ণ আছিল। এই বিষয়টোক লৈ আমি আৱেগিক হৈ পৰিছো। আমি দেশবাসীক জনাব বিচাৰো যে তাত থকা পৰিস্থিতিৰ প্ৰতি জনসাধাৰণে কেনে অনুভৱ কৰিছে। আমি এই কথা ক’ব লাগিব। মণিপুৰত বিজেপিৰ লগত মোৰ দলৰ মিত্ৰতা, গতিকে আমি গৃহমন্ত্ৰীক কথা ক’বলৈ দিলোঁ। যদিও মোৰ ক’বলৈ বৰ আগ্ৰহ আছিল।

বিজেপিয়ে আমাৰ বাবে বহু কাম কৰিছে। কংগ্ৰেছৰ দিনত বহু কথা ওলোটা হ’ল, কিন্তু সত্যটো হ’ল মোৰ মণিপুৰ জ্বলি আছে। ১০০ দিনতকৈও অধিক হ’ল যদিও হিংসা এতিয়াও বন্ধ হোৱা নাই, এইটো দুখৰ বিষয়।

এন পি এফৰ সাংসদগৰাকীয়ে লগতে কয় যে আগতে কোনোবা নহয় কোনোবা এজন মন্ত্ৰী প্ৰতি সপ্তাহত মণিপুৰলৈ আহিছিল যদিও আমাৰ কঠিন সময়ত আমাৰ ওচৰলৈ কোনো নাহিল। মোৰ মানুহবোৰক হত্যা কৰা হৈছে, তেওঁলোক সংকটত পৰিছে। আমি মানুহৰ পৰা আশা কৰি আছো যে আমাৰ কঠিন সময়তো কোনোবা আমাৰ ওচৰলৈ আহিব।

Related News