মণিপুৰৰ ৰাইজ ৰৈয়েই আছে : নৰেন্দ্ৰ মোদীক তুলাধূনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ

বিগত দুই-তিনি বছৰত বাৰে বাৰে অসমলৈ আহিছে নৰেন্দ্ৰ মোদী। কিন্তু কাষতে থকা হিংসা জৰ্জৰিত অগ্নিগৰ্ভা মণিপুৰলৈ যাবলৈ সময় নাই নৰেন্দ্ৰ মোদীৰ।
এই বিষয়টোক লৈ এতিয়া কংগ্ৰেছে তীব্ৰ সমালোচনা কৰিছে নৰেন্দ্ৰ মোদীক।
মঙলবাৰে কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ কেন্দ্ৰ কৰি তীব্ৰ সমালোচনা কৰে।
দেওবাৰৰ পৰা মধ্যপ্ৰদেশ, বিহাৰ আৰু অসমলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদীয়ে।
সোমবাৰে অসমত উপস্থিত হোৱা মোদীয়ে ঝুমুইৰ বিনন্দীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰে। মঙলবাৰে গুৱাহাটীত এডভান্টেজ আসাম ২.০ সন্মিলন উদ্বোধন কৰে।
কংগ্ৰেছৰ যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে, “প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ মণিপুৰৰ জনসাধাৰণক গভীৰভাৱে হতাশ কৰিছে। তেওঁ গুৱাহাটীলৈ গৈ এৰাতি কটালে। কিন্তু তেওঁ ওচৰতে থকা মণিপুৰলৈ নগ’ল। ৰাজ্যখন এতিয়া ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত আছে, ই অতি বিভ্ৰান্তিকৰ।”
“যোৱা ২১ মাহ ইমান দুখ-কষ্ট আৰু যন্ত্ৰণা মাজেৰে দিন কটোৱা মণিপুৰৰ জনসাধাৰণৰ ওচৰলৈ মোদী ডাঙৰীয়া কেতিয়া যাব? মোদী আহিব বুলি মণিপুৰবাসীয়ে ইমান দিনে অপেক্ষাই কৰি আছে।”
উল্লেখ্য যে কংগ্ৰেছে চলিত মাহৰ আৰম্ভণিতে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াটো কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ ব্যৰ্থতা বুলি উল্লেখ কৰি মোদীক ক্ষমা খুজিবলৈ অনুৰোধ জনাইছিল।
যোৱা ১৩ ফেব্ৰুৱাৰীত সংঘাতপূৰ্ণ মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল আৰু তাৰ পূৰ্বে মুখ্যমন্ত্ৰী বীৰেণ সিঙে পদত্যাগ কৰিছিল।