NORTHEAST NOW (Assamese)
দেশ

কোভিড ভেকচিন লৈ মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক সাহায্য প্ৰদান কৰিব লাগিব চৰকাৰে : নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 25, 2025 9:55 pm
কোভিড ভেকচিন লৈ মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক সাহায্য প্ৰদান কৰিব লাগিব চৰকাৰে : নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কোভিড ভেকচিন গ্ৰহণৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সাহায্য প্ৰদানৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।

মঙলবাৰে উচ্চতম ন্যায়ালয়ে মৌখিকভাৱে কেন্দ্ৰক অৱগত কৰে যে কোভিড ভেকচিন লৈ মৃত্যু হোৱা লোকৰ পৰিয়ালক সহায় কৰিবলৈ নতুন নীতি প্ৰণয়ন কৰিব লাগে।

উল্লেখ্য যে কোভিচিল্ড (Covishield) গ্ৰহণ কৰি বহু লোকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল। অৱশ্যে এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত দাখিল কৰা গোচৰটো উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে।

কোভিড ভেকচিন গ্ৰহণৰ ফলত মৃত্যু হোৱা লোকৰ পৰিয়ালক সহায়ৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা আইনত কোনো নীতি নাই। কিন্তু সহায়ৰ ব্যৱস্থা কৰিব লাগে বুলি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হয়।

এই বিষয়ত ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠত শুনানি আৰম্ভ হয়। এই দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে কেন্দ্ৰক মৌখিকভাৱে নিৰ্দেশ দিয়ে যে ভেকচিন গ্ৰহণৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিব পৰাকৈ নীতি প্ৰণয়ন কৰিব লাগে।

মন কৰিবলগীয়া যে Covishield প্ৰস্তুত কৰা কোম্পানী AstraZeneca এ স্বীকাৰ কৰিছে যে যিসকল লোকে তেওঁলোকৰ ভেকচিন লাভ কৰিছে তেওঁলোকৰ থ্ৰম্বছিছ বা তেজ জমা হোৱাৰ লক্ষণ দেখা দিব পাৰে। অসম চিকিৎসা মহাবিদ্যালয়েও কভিশ্বিল্ড গ্ৰহণ কৰা ৫৫ শতাংশই পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰিছে।