NORTHEAST NOW (Assamese)
অসম

মণিপুৰত ক’ৰ’নাৰ সংক্ৰমণত দুগৰাকী লোকৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৬৭ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 1, 2020 9:44 am

মণিপুৰত বিগত ২৪ ঘণ্টাত পুনৰ দুগৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬৭ গৰাকীলৈ বৃদ্ধি পায়।

বিগত ২৪ ঘণ্টাত মণিপুৰৰ থৌবাল জিলা আৰু পশ্চিম ইম্ফলত ৪১ বছৰীয়া আৰু ৫৮ বছৰীয়া লোক দুজনৰ মৃত্যু হয় বুলি ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰে।

আনহাতে, বিগত ২৪ ঘণ্টাত মণিপুৰত ১২১ গৰাকী পুৰুষ আৰু ৮৫ গৰাকী মহিলাকে ধৰি মুঠ ২০৬ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

নতুনকৈ ক’ৰ’না প’জিটিভ হোৱা ২০৬ গৰাকী ব্যক্তিৰ ভিতৰত ৩১ গৰাকী চি আৰ পি এফৰ জোৱানো আছে।

ৰাজ্যখনৰ ২১ টা কোভিড পৰীক্ষণ কেন্দ্ৰত এইসকল লোকৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে বুলি জানিব পৰা গৈছে।

পূৱ ইম্ফল, পশ্চিম ইম্ফল, তামেংলং, চান্দেল, নন’ই, জিৰিবাম, বিষ্ণুপুৰ, সেনাপতি, চৌৰাচান্দপুৰ আৰু থৌবাল জিলাত এইসকল লোক নতুনকৈ কোভিড প’জিটিভ হয়।

কোভিড প’জিটিভ হোৱা আটাইকেইগৰাকী লোককে ৰাজ্যখনৰ কোভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।

মণিপুৰত বৰ্তমানলৈ ১০৯৮৩ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বিপৰীতে ৮৪৬০ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠে।