NORTHEAST NOW (Assamese)
দেশ

জ্বলিছে মণিপুৰ, নিশ্চুপ মোদী: মন কি বাত কাৰ্যসূচীৰ সময়তে ট্ৰেঞ্জিষ্টৰ ভাঙি প্ৰতিবাদ জনতাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 18, 2023 7:09 pm

ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি। হিংসাত্মক কাৰ্যকলাপৰ ফলশ্ৰুতিত অচল হৈ পৰিছে ৰাজ্যখনৰ জনজীৱন। কিন্তু এই ভয়াৱহ পৰিস্থিতিৰ পাছতো ‘অষ্টলক্ষ্মী’ উত্তৰ-পূবৰ অংগ মণিপুৰ সন্দৰ্ভত মৌন হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধানমন্ত্ৰী মোদীৰ এই মৌনতাক লৈ সৰৱ হৈ উঠিছে দেশৰ বিৰোধী। এইবাৰ মোদীৰ মৌনতাৰ বিৰুদ্ধে মণিপুৰৰ ৰাজপথত দেখা গ’ল এক অভিনৱ প্ৰতিবাদ। মণিপুৰৰ ৰাইজে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী মোদী বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰে।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কি বাত” কাৰ্যসূচীৰ সময়ত মণিপুৰৰ বিভিন্ন প্ৰান্তৰ লোকে এই কাৰ্যসূচী বৰ্জন কৰি ট্ৰেঞ্জিষ্টৰ ভাঙি পেলায়। মণিপুৰৰ পৰিস্থিতিক লৈ মোদীৰ মৌনতাৰ প্ৰতিবাদৰ প্ৰতীকী স্বৰূপে এই কাৰ্য কৰে মণিপুৰৰ জনসাধাৰণে।

ইফালে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেইও মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ তীব্ৰ আক্ৰমণ কৰে। খৰ্গেই কয়, ‘আপোনাৰ ‘মন কি বাত’ত প্ৰথমে ‘মণিপুৰ কী বাত’ অন্তৰ্ভুক্ত হ’ব লাগিছিল, কিন্তু সেয়া নহ’ল।” ৰাজ্যখনৰ পৰিস্থিতি গভীৰভাৱে চিন্তনীয় বুলি উদ্বেগ প্ৰকাশ কৰে খৰ্গেই।

মণিপুৰ জ্বলি থকাৰ সময়ত কেন্দ্ৰৰ মোদী চৰকাৰ শুই আছে বুলিও শাসকীয় বিজেপি চৰকাৰক কটাক্ষ কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। লগতে তেওঁ বিজেপি চৰকাৰে মণিপুৰক ভাৰতৰ অংশ হিচাপে গণ্য নকৰে যেন ভাৱ হৈছে বুলিও মোদীক আক্ৰমণ কৰে।