NORTHEAST NOW (Assamese)

দক্ষিণ কোৰিয়াৰ লিভ ইন পাৰ্টনাৰক ঘপিয়াই হত্যা মণিপুৰী যুৱতীৰ! নয়ডাৰ ফ্লেটত ভয়ংকৰ ঘটনা

January 5, 2026 10:38 am · এন ই নাও নিউজ, গুৱাহাটী

মণিপুৰৰ এগৰাকী যুৱতীৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ নয়ডাত দক্ষিণ কোৰিয়াৰ লিভ ইন পাৰ্টনাৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মৃত যুৱকজনে সুৰাপান কৰি যুৱতীগৰাকীক হাৰাশাস্তি কৰিছিল। ইয়াকে লৈ বহুদিন ধৰি অশান্তিৰ সৃষ্টি হৈছিল।

অভিযোগ অনুসৰি, দেওবাৰে যুৱতীগৰাকীয়ে খঙত নিয়ন্ত্ৰণ হেৰুৱাই যুৱকজনক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, মৃত দক্ষিণ কোৰিয়াৰ যুৱকজনৰ নাম ডাক হি ইউ। সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ অনা হয়। অৱশ্যে চিকিৎসা আৰম্ভ হোৱাৰ আগতেই তেওঁৰ মৃত্যু হয়।

অভিযুক্ত যুৱতী লাঞ্জিয়ানা পামাই তেওঁক ঘপিয়াই হত্যা কৰে। অভিযোগ যে দীৰ্ঘদিন ধৰি যুৱকজনে মদ্যপান কৰি যুৱতীগৰাকীক প্ৰহাৰ আৰু হাৰাশাস্তি কৰি আহিছিল।

তেওঁলোক গ্ৰেটাৰ নয়ডাৰ এটা উচ্চ অট্টালিকাৰ বাসিন্দা। ডাক এটা মোবাইল কোম্পানীত মেনেজাৰ হিচাপে কাম কৰি আছিল। তদন্তকাৰীয়ে জনোৱা মতে, হত্যাকাণ্ডৰ দিনটোত মদ্যপান কৰা অৱস্থাত দুয়োৰে মাজত উত্তপ্ত তৰ্ক-বিতৰ্ক হৈছিল। এটা সময়ত যুৱতীগৰাকীয়ে চোকা অস্ত্ৰৰে যুৱকজনৰ বুকুত আঘাত কৰে। তাৰ পিছত তেওঁ নিজেই ৰক্তাক্ত লিভ ইন পাৰ্টনাৰক হস্পিতাললৈ লৈ আনে। যদিও ডাকৰ মৃত্যু হয়।

আৰক্ষীয়ে চিকিৎসালয় চৌহদৰ পৰা অভিযুক্ত যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰিছে। জেৰাৰ সময়ত যুৱতীগৰাকীয়ে যুৱকজনক হত্যা কৰা বুলি জানিবলৈ দিয়ে। যদিও তেওঁ সংগীজনক মাৰিব বিচৰা নাছিল। ডাকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। হত্যাৰ আঁৰত আৰু কিবা কাৰণ আছে নেকি? যুৱতীগৰাকীয়ে সঁচা কথা কৈছে নে নাই সকলো দিশৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related News