NORTHEAST NOW (Assamese)
দেশ

দিয়া হৈছিল আপ ত্যাগৰ হেঁচা! চিবিআইৰ জেৰাৰ পিছতে চিছ’দিয়াৰ বিস্ফোৰণ; প্ৰতিক্ৰিয়া চিবিআইৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 18, 2022 10:52 am
Manish Sisodia

আবকাৰী নীতিৰ গোচৰত সোমবাৰে চিবিআইৰ দ্বাৰা ন ঘণ্টাজোৰা জেৰাৰ পিছত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। দিল্লী চৰকাৰৰ সুৰা নীতি সন্দৰ্ভত জেৰাৰ সময়ত তেওঁক আম আদমী পাৰ্টি ত্যাগ কৰিবলৈ হেঁচা দিয়া হৈছিল বুলি অভিযোগ তুলিছে চিছ’দিয়াই।

যদি চিছ’দিয়াই এই কথা মানি নলয়, তেতিয়া তেওঁৰ গোচৰৰ পৰিণাম দিল্লীৰ মন্ত্ৰী সতীন্দৰ জৈনৰ দৰেই হ’ব পাৰে বুলি ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰিছে আপ নেতাগৰাকীয়ে। উল্লেখ্য যে যোৱা মে’ মাহৰ পৰা ধন ৰপ্তানিৰ গোচৰত অভিযুক্ত হোৱাৰ পিছত কাৰাগাৰত আছে জৈন।

পূৰ্বে অভিযোগ কৰাৰ দৰেই চিছ’দিয়াই লগতে তেওঁক জেৰা কৰা বিষয়াসকলে বিজেপিয়ে তেওঁক মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰোৱাৰ প্ৰস্তাৱো পুনৰ দিয়া বুলি সংবাদ মাধ্যমৰ আগত সজোৰে অভিযোগ কৰে।

ইফালে চিছ’দিয়াৰ এই অভিযোগৰ পাছতে চিবিআইয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। এক বিবৃতি যোগে কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে কয় চিছ’দিয়াৰ অভিযোগসমূহ খণ্ডন কৰি এজাহাৰত তেওঁৰ বিৰুদ্ধে থকা অভিযোগ অনুসৰি কঠোৰভাৱে পেছাদাৰী আৰু আইনী ভাৱে জেৰা সম্পন্ন কৰা হৈছিল বুলি দাবী কৰে।

গোচৰটোৰ তদন্ত আইন অনুসৰি অব্যাহত থাকিব বুলি চিবিআই- এ বিবৃতিটোত লগতে উল্লেখ কৰে। আনহাতে চিবিআইৰ বিবৃতিৰ প্ৰত্যুত্তৰ দি চিছ’দিয়াই তেওঁলোকৰ মনোযোগ আবকাৰী নীতিৰ ওপৰত নাছিল বুলি পুনৰ অভিযোগ কৰি এয়া সম্পূৰ্ণৰূপে মনেসজা কাহিনী বুলি দাবী কৰে।

দুপৰীয়া আৰম্ভ হোৱা মাৰাথন জেৰাৰ পিছত স্বগৃহত উপস্থিত হৈ চিছ’দিয়াই সাংবাদিকৰ আগত কয়, “ আজি মই বুজি পাইছো যে চিবিআইয়ে কোনো কেলেংকাৰীৰ তদন্ত কৰা নাই। মোৰ বিৰুদ্ধে গোচৰটো কেৱল অপাৰেচন লোটাছক সফল কৰাৰ বাবেহে।”

উল্লেখ্য যে ইয়াৰ পূৰ্বেও জেৰাৰ পিছত আম আদমী পাৰ্টি তথা চিছ’দিয়াই তেওঁক আম আদমী পাৰ্টি ত্যাগ কৰি বিজেপিলৈ যোৱাৰ প্ৰস্তাৱ দিয়া হৈছে আৰু এই প্ৰস্তাৱ মানি ল’লে মুখ্যমন্ত্ৰী পতাৰ টোপ দিয়া বুলি অভিযোগ তুলিছিল।

কালি পুনৰ চিছ’দিয়া একেটা অভিযোগ উত্থাপন কৰাৰ পিছত কেন্দ্ৰীয় স্বতন্ত্ৰ তদন্ত সংস্থা হিচাপে চিবিআইৰ নিৰপেক্ষতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে।