NORTHEAST NOW (Assamese)

দিল্লীত মৃত্যুৰ কিৰিলী: সেনাৰ সহায় বিচাৰি কেন্দ্ৰলৈ চিঠি লিখিলে কেজৰিৱাল চৰকাৰে

May 3, 2021 3:34 pm · এন ই নাও নিউজ

দিল্লীত এতিয়া মৃত্যু যেন সুলভ হৈ পৰিছে। ক’ৰ’নাত আক্ৰান্ত জনৰ বাবে ৰাজধানী চহৰ খনৰ  চিকিৎসালয়ত এতিয়া বিচনাৰ অভাৱ হৈছে।

অক্সিজেনৰ অভাৱত আনকি চিকিৎসকৰো মৃত্যু ঘটিছে। শ্মশানত ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ দেহ সৎকাৰ কৰিবলৈ ঠাইৰ অভাৱ হৈছে।

এনে পৰিস্থিতিত দিশহাৰা হৈ  পৰা কেজৰিৱাল চৰকাৰে সেনাৰ সহায় বিচাৰি কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ লিখিছে।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙলৈ পত্ৰ লিখি দিল্লীৰ সংকটৰ সময়ত সেনাৰ সহায় ভিক্ষা মাগিছে।

ৰাজনাথ সিঙলৈ লিখা পত্ৰত ছিচোদিয়াই এই বুলি উল্লেখ কৰিছে যে সেনাৰ সহযোগত দিল্লীৰ চৰকাৰে এখন চিকিৎসালয় স্থাপন কৰিব বিচাৰে।

উক্ত চিকিৎসালয়ত ১০,০০০ খন সাধাৰণ বিচনা থকাৰ উপৰি ১০০০ খন আইচিইউ যুক্ত বিচনা থাকিব।উক্ত চিকিৎসালয়ত ২৪ ঘণ্টাই অক্সিজেনৰো ব্যৱস্থা ৰখাৰ কথা চিন্তা কৰা হৈছে।এনে বৃহৎ কাম কম সময়ৰ ভিতৰত কেৱল সেনাইহে  কৰিব পাৰিব।

সেয়ে এই ক্ষেত্ৰত সেনাৰ সহায় বিচাৰি দিল্লীলৈ পত্ৰ প্ৰেৰণ কৰিছে।উল্লেখ্য দিল্লীত অক্সিজেনৰ অভাৱৰ বাবে নিতৌ বহু লোকৰ মৃত্যু ঘটি আছে।

এনে পৰিস্থিতিত কেজৰিৱাল চৰকাৰে অহা এপপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰিবলৈ বাধ্য হৈছে।

দিল্লীত অক্সিজেনৰ নাটনি দূৰ কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

Related News