NORTHEAST NOW (Assamese)

মোদীৰ ‘মন কি বাত’ : ল’কডাউনৰ বাবে দৰিদ্ৰ জনতাৰ ওচৰত বিচাৰিলে ক্ষমা

March 29, 2020 12:54 pm · এন ই নাও নিউজ
প্রধান মন্ত্রী নৰেন্দ্ৰ মোদী। ফাইল ফটো

ক’ৰ’না ভাইৰাছকলৈ দেশজুৰি ল’কডাউনৰ পিছত আজি দিনৰ ১১ বজাত ‘মন কি বাত’ অনুষ্ঠানৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে।

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধ চলাই থকা এই যুদ্ধ যথেষ্ঠ কঠিন বুলি উল্লেখ কৰি দেশবাসীৰ সুৰক্ষাৰ বাবে চৰকাৰে ল’কডাউনৰ দৰে কেতবোৰ কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হোৱা বুলি তেওঁ কয়।

আৰু ইয়াৰ বাবে তেওঁ দেশবাসী বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ ওচৰত ক্ষমা বিচাৰে।

ইয়াৰ পূৰ্বে আজিৰ ‘মন কি বাত’ত প্ৰধান মন্ত্ৰী গৰাকীয়ে প্ৰথমেই চিকিৎসক, নাৰ্ছ তথা সকলো চিকিৎসাকৰ্মীয়ে দেখুওৱা নিষ্ঠাক উচ্চ প্ৰশংসা কৰে।

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে চলাই থকা যুদ্ধখনত চিকিৎসাকৰ্মীসকল আমাৰ বাব প্ৰথম শাৰীৰ সৈনিক বুলি তেওঁ কয়।

তেওঁৰ ভাষণত প্ৰধান মন্ত্ৰী মোদীয় ক’ৰ’না ভাইৰাছৰ এই সন্ত্ৰাসৰ সময়ত সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়।

Related News